Eassy in Assamese

GK Nagar
By -
0
ৰচনা কি?

ৰচনা হৈছে এজন লেখকৰ চিন্তা, মতামত, আৰু ধাৰণাসমূহ সংগঠিত ৰূপত লিখা এখন গদ্য। ইয়াত নিৰ্দিষ্ট এটা বিষয়ৰ ওপৰত আলোচনা কৰা হয়। এটি ভাল ৰচনাত চমু ভূমিকা, সংগঠিত মূল বিষয়বস্তু, আৰু উপসংহাৰ থাকে। সৃজনশীল আৰু সুস্পষ্ট ভাষাৰ মাধ্যমে বিষয় বুজাবলৈ ৰচনা লিখা হয়। আমি কেনেকৈ এটা ভাল ৰচনা লিখিব পাৰোঁ সেই বিষয়ে তলত বৰ্ণনা কৰা হৈছে। এখন ভাল ৰচনা লিখিবলৈ, বিষয়টোক গভীৰভাৱে বুজি, সঠিক তথ্য সংগ্ৰহ কৰি, লগে লগে লেখাৰ ধাৰাবাহিকতা আৰু সংগঠন বজাই ৰাখিব লাগে। সেয়ে তলৰ পইণ্টসমূহ অনুসৰণ কৰক: 

 1. বিষয় বুজক: প্ৰথমে বিষয়টো সম্পূর্ণ ৰূপে বুজি লওক। বিষয়টোৰ প্ৰাসংগিক দিশবোৰ চিনাক্ত কৰক। 

 2. গভীৰ অধ্যয়ন কৰক: বিষয়ৰ ওপৰত পঢ়াশুনা কৰক আৰু বিভিন্ন উৎসৰ পৰা তথ্য সংগ্ৰহ কৰক।


 3. পৰিকল্পনা কৰক: ভূমিকা, মূল অংশ, আৰু উপসংহাৰত ৰচনাটো ভাগ কৰি সংগঠিত ৰূপত লিখিবলৈ আগতে পৰিকল্পনা কৰক।


 4. ভূমিকা (Introduction): ৰচনাৰ আৰম্ভণি অংশত বিষয়টোৰ চমু বৰ্ণনা দিয়ক। এইখিনিতে পাঠকৰ আগ্ৰহ সৃষ্টি কৰিবলৈ চেষ্টা কৰক।


 5. মূল অংশ (Body): পেৰাগ্ৰাফৰ সহায়ত বিষয়টোৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰক। উপযুক্ত উদাহৰণ, তথ্য, আৰু তর্ক প্ৰয়োগ কৰক।


 6. উপসংহাৰ (Conclusion): ৰচনাৰ শেষত বিষয়টোৰ মূল ভাবটো পুনৰ উল্লেখ কৰক আৰু আপোনাৰ স্থিতি বুজাই দিয়ক।


 7. ভাষা আৰু বানানৰ যত্ন লওক: ভাষা চমু আৰু সৰল হওক। বানান আৰু ব্যাকৰণৰ ভূলবোৰ সংশোধন কৰক। 

 8. পুনঃপাঠ কৰক: ৰচনাটো শেষ হোৱাৰ পিছত একবাৰ পঢ়ি ভূলসমূহ সংশোধন কৰক।

  অসমৰ বানপানী সমস্যা 

আৰম্ভণি

ভাৰতবৰ্ষৰ উত্তৰ-পূৱ কোণত আমাৰ অসম ৰাজ্য। নদীৰে পৰিবেস্থিত ৰাজ্যখনৰ আজি এক প্ৰধান সমস্যা হ’ল বানপানীৰ সমস্যা। প্ৰতি বছৰে এই প্ৰাকৃতিক দুৰ্যোগৰ কবলত পৰি অসমৰ যি দুৰ্গতি হৈছে, তাক বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি। বানপানীৰ সমস্যাৰ হেচাঁত অসমৰ অন্যান্য ভালেমান জৰুৰী সমস্যা তল পৰি আছে।


বানপানীৰ কাৰণ:

ব্ৰহ্মপুত্ৰ,বৰাক, কপিলীকে মূখ্য কৰি বিভিন্ন নদী-উপনদীৰে অসম উপচি আছে। বাৰিষা এই নদীবোৰৰ পানী ফেনে ফোটোকাৰে বাঢ়ি অসমৰ বিস্তীৰ্ণ অঞ্চল জলমগ্ন কৰে। নৈ জান-জুৰি বিলাকৰ সীমিত বহন ক্ষমতাই অতিৰিক্ত পানী বহন কৰিবলৈ অপাৰগ হৈ পৰে ফলত ওফন্দি পৰি দুয়োকাষৰ অঞ্চল বুৰাই পেলায়। ব্ৰহ্মপুত্ৰৰ উপনৈ বোৰে যোগান ধৰা পানী বোৰ বহন কৰিব নোৱাৰি দুয়োপাৰেদি বগৰাই দিয়ে। তাৰ ফলতে ভৈয়ামত প্ৰৱল বানপানী হয়। কোনো কোনো বছৰত বানপানীয়ে ভীষণ ৰূপ লয়। অসমত বানপানী নোহোৱাকৈ এটা বছৰো পাৰ নহয়।



কালৰূপ বানপানীয়ে স্থান-কাল বিচাৰ নকৰি পলকতে বহু অঞ্চল পলকতে সমুদ্ৰত পৰিণত কৰে। বহু কষ্ট আৰু অৰ্থৰ বিনিময়ত গঢ়ি তোলা মাথাউৰি পলকতে ভাঙি-চিঙি বিচ্ছিন্ন হয়। দুখীয়া কৃষকৰ বুকুত কুঠাৰ মাৰে বানপানীয়ে। বানপানীৰ লগে লগে আৰম্ভ হোৱা গৰাখহনীয়াত বহুতো গাঁও-ভুই, খেতি পথাৰ নদীৰ বুকুত লীণ হৈ যায়। চকুৰ আগতে নিজ ঘৰখন আৰু গাঁওখন নদীৰ বুকুত জাহ যোৱা দৃশ্য অতি মৰ্মান্তিক। বানপানীয়ে বাট-পথ, ঘৰ-দুৱাৰ নষ্ট কৰি পেলায়। শস্যৰ ভৰাঁল পানীত ডুব যায়। ঘৰচীয়া, বনৰীয়া বহু জীৱ-জন্তুৰ মৃত্য হয়। ঠায়ে ঠায়ে আশ্ৰয় শিবিৰ খোলা হয়।



          বানপানী শুকুৱাৰ পিছত আকৌ নানা ধৰণৰ বেমাৰ-আজাৰ হয়। বানপানীয়ে এৰি যোৱা আবৰ্জনাই পৰিৱেশ দূষিত কৰে। সংক্ৰামক ৰোগে জীৱৰ প্ৰাণ লয়। মুঠতে বানপানীয়ে বিলৈ-বিপত্তিৰ সীমা নোহোৱা কৰে।


নিয়ন্ত্ৰণৰ উপায় বা প্ৰতিকাৰ:   

আজি বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ জয়জয় ময়ময় অৱস্থা। ব্ৰহ্মপুত্ৰক নিয়ন্ত্ৰণ কৰাৰ উপায় নাই বুলি ক’লে কোনেও বিশ্বাস নকৰে। চীনৰ ‘হোৱাংহো’ নদীক নিয়ন্ত্ৰণ কৰিব পাৰিছে যেতিয়া অসমৰ ব্ৰহ্মপুত্ৰ-বৰাককো নিয়ন্ত্ৰণ কৰিব পৰা যাব। এই কামবোৰৰ পৰিকল্পনা দক্ষ আৰু অভিজ্ঞ বিশেষজ্ঞৰ দ্বাৰা কৰিব লাগিব। তাক ৰূপায়নৰ বাবে প্ৰচুৰ অৰ্থও লাগিব। কেন্দ্ৰীয় চৰকাৰৰ সাহৰ্য্য এই ক্ষেত্ৰত অপৰিহাৰ্য। ব্ৰহ্মপুত্ৰ আৰু উপনৈৰ গতি নিয়ন্ত্ৰণ কৰি জলবিদ্যুত উৎপন্ন কৰিব পাৰিলেও অসমৰ বহু উপকাৰ হ’ব। ভূমিস্খলন ৰোধৰ বাবে গছ-গছনিৰ ৰোপন উত্তম উপায়।


সামৰণি:     


গভীৰ চিন্তা-চৰ্চা, বৈজ্ঞানিক উপায়, অভিজ্ঞ প্ৰযুক্তি বিদ্যা আদিৰ সহায়ত কৰ্মদক্ষ কমিটিয়ে কাম কৰিলে অসমৰ বান নিয়ন্ত্ৰিত হোৱাটো নিশ্চিত। বানপানীৰ দুৰ্যোগৰ পৰা হাত সাৰিব পাৰিলে অসমৰ অৰ্থনীতিলৈ বহু পৰিবৰ্তন আহিব। অসমত দৰিদ্ৰতাও নিৰ্মূল হ’ব বুলি আশা কৰিব পাৰি।



2।মহাত্মা গান্ধী (মহান পুৰুষ)



মোৰ জীৱনেই মোৰ বাণী” মুক্ত জাগ্রত মানৱ সমাজলৈ এয়ে যাৰ শ্রেষ্ঠতম বাণী; সত্য, অহিংসা আৰু মানৱপ্ৰেমৰ প্ৰতিমূৰ্তি সেইজন মহাত্মা গান্ধীজীৰ সত্য, অহিংসা আৰু স্বাধীনতাৰ জীৱন-জোৰা সাধনাক উপলব্ধি কৰিব নোৱাৰি, সুসভ্য সাম্রাজ্যবাদী পশ্চিমীয়া মুনি-পুংগৱবসকলে তেওঁক নঙঠা ফকীৰ আখ্যা দি বিদ্রূপ কৰিছিল। অথচ যাৰ নিৰস্ত্ৰ দুৰ্বাৰ শক্তিৰ সন্মুখত তিষ্ঠিব নোৱাৰি নতশিৰে হাৰ মানি সেইসকল মুনিপুংগৱেই মুক্তকণ্ঠে স্বীকাৰ কৰিছিল- গান্ধীজী বিশ্বৰ এজন শ্রেষ্ঠ ৰাজনীতিবিদ। সত্যান্বেষী, মানৱ-প্রেমিক, স্বাধীনতা সংগ্রামী এই মহা মনীষীগৰাকীক ভাৰতীয় জাতিয়ে বাপুজী অৰ্থাৎ জাতিৰ পিতা আখ্যাৰে বিভূষিত কৰিছে।





যি সময়ত বৃটিছ সাম্ৰাজ্যত বেলি মাৰ নগৈছিল, যি সময়ত বৃটিছে দুর্দমনীয় শক্তিৰে পৃথিৱীৰ বুকুত প্ৰভুত্বৰ অপ্ৰতিহত ৰাজত্ব চলাই নিৰ্মম শাসন আৰু শোষণ জিঞ্জিৰিৰে ভাৰতকে আদি কৰি সমগ্ৰ বিশ্বৰ সম্পদশালী দেশসমূহক গৰকি ৰাখিছিল, নিঃসহায়, দুর্বল জাতিসমূহে অত্যাচাৰ আৰু নিৰ্যাতনত আৰ্তনাদ কৰি উঠিছিল, সেই সময়তে ১৮৬৯ চনৰ ২ অক্টোবৰ, শুক্ৰবাৰে গুজৰাটৰ পোৰবন্দৰ নামে ঠাইত দুৰ্গতৰ ত্ৰাণকৰ্তা স্বৰূপে আৱিৰ্ভাৱ হৈছিল গান্ধীজীৰ- যাৰ সম্পূৰ্ণ নাম আছিল মোহনদাস কৰ্মচাঁদ গান্ধী। পিতৃ কমচাঁদ গান্ধী আৰু মাতৃ পুত্সীবাঈ আছিল পৰম ধাৰ্মিক বৈষ্ণৱ সম্প্ৰদায়ৰ।



মহাত্মা গান্ধী পিতৃৰপৰা সত্যপৰায়ণতা আৰু তেজস্বিতা মাতৃৰপৰা ধৰ্ম-পৰায়ণতা, দয়া, ক্ষমা আদি সজগুণবোৰ লাভ কৰিছিল। শৈশৱত তেওঁ বৰ লাজুক আৰু ভয়াতুৰ আছিল ৷ পোৰবন্দৰতে তেওঁ প্ৰাথমিক শিক্ষা আৰু ৰাজকোটত হাইস্কুলীয়া শিক্ষা লাভ কৰে। ছাত্ৰাৱস্থাতে গান্ধীজীয়ে অসৎ সংগৰ প্ৰভাৱত পৰি কু-অভ্যাস আহৰণ কৰিছিল। কিন্তু দোষ উপলব্ধি কৰাৰ পাছত পিতৃৰ ওচৰত তেওঁ স্বীকাৰোক্তি কৰি তাৰ প্ৰায়শ্চিত্ত কৰে আৰু ভৱিষ্যতে তেনে দোষ নকৰিবলৈ দৃঢ়প্রতিজ্ঞ হয়। গান্ধীজী মধ্যমীয়া ছাত্র আছিল; কিন্তু তেওঁৰ হাতৰ আখৰ সমূলি ভাল নাছিল আৰু তাৰ কাৰণে তেওঁ অনুতাপ কৰিছিল। তেৰ বছৰ বয়সতে গান্ধীজী কস্তুৰীবাঈৰ সৈতে বিবাহ-পাশত আবদ্ধ হয়।


প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত বেৰিষ্টাৰী পঢ়িবৰ কাৰণে তেওঁ বিলাতলৈ যাত্ৰা কৰে। বিলাতত থকা কালত তেওঁ নিজৰ আহাৰ নিজে ৰান্ধি খাইছিল; মাতৃৰ ওচৰত কৰি যোৱা প্ৰতিজ্ঞা তেওঁ দৃঢ়তাৰে পালন কৰিছিল। তেওঁ বিলাতত থকা কালতে পিতৃৰ বিয়োগ ঘটে। ১৮৯১ চনত বেৰিষ্টাৰী পাছ কৰি তেওঁ ভাৰতলৈ ঘূৰি আহে।


কর্মজীৱন আৰম্ভ

গান্ধীজীয়ে প্রথমে বোম্বাই হাইকোর্টত আইন ব্যৱসায়ৰ দ্বাৰা কৰ্ম-জীৱনৰ পাতনি মেলে। কিন্তু তেওঁ লাজকুৰীয়া স্বভাৱ আৰু মিছা কথা কোৱাত অপারগতাৰ কাৰণে আৰম্ভণিতেই তেওঁ বিফলতাৰ সন্মুখীন হয়। এই সময়তে তেওঁ ভাৰতৰ দুজন বিখ্যাত ৰাজনীতিবিদ গোপালকৃষ্ণ গোখলে আৰু দাদাভাই নৌৰজীৰ সংস্ৰৱলৈ আহিবলৈ সুবিধা পায় আৰু গান্ধীজীৰ জীৱনত তেওঁলোকৰ যি প্ৰভাৱ পৰিল, সিয়ে গান্ধীজীক পৰৱৰ্তী জীৱনৰ কর্মপন্থা কৃতকাৰ্যতাৰে মহীয়ান কৰিবলৈ সমৰ্থবান কৰি তোলে।




দক্ষিণ আফ্ৰিকাৰ নাটালত অহিংস সংগ্রাম




মহাত্মা গান্ধী সুপ্ত প্রতিভাই বিকাশৰ পথ বিচাৰি থাকে। পথ যেতিয়া প্রশস্ত হয়, প্রতিভাই তেতিয়াই স্রোতস্বিনীৰ তীব্ৰগতিৰে ধাৱমান হয় বিকাশৰ পথত। গান্ধীজীৰ প্ৰতিভাৰ বিকাশৰ পথা মাতৃভূমিত নাছিল; আছিল সুদূৰ দক্ষিণ আফ্ৰিকাৰ নাটাল ৰাজ্যত। সেই সময়ত নাটালত প্রবাসী ভাৰতীয় ব্যৱসায়ী আৰু শ্ৰমিকসকলৰ ওপৰত বৃটিছ প্ৰভুসকলৰ অমানুষিক অত্যাচাৰ, নির্যাতন চৰম সীমাত উপনীত হৈছিল। ভাৰতীয় ব্যৱসায়ী, শ্রমিকসকলে মুক্তিৰ পথ বিচাৰি ডেকা বেৰিষ্টাৰ গান্ধীজীৰ ওচৰ চাপে। গান্ধীজীয়ে এই আমন্ত্রণ সাদৰেৰে গ্ৰহণ কৰি নাটালকেই জীৱনৰ সংগ্ৰামস্থল হিচাপে বাছি লয়।

১৮৯৩ চনত তেওঁ নাটাললৈ যাত্ৰা কৰে ভাৰতীয় নির্যাতিতসকলৰ মুক্তিৰ পণ লৈ। বৃটিছ চৰকাৰৰ এখনি অন্যায় আৰু সর্বধ্বংসী বিলৰ বিৰুদ্ধে গান্ধীজীৰ প্ৰথম সংগ্ৰাম আৰম্ভ হ’ল; সেই সংগ্রাম অহিংসা আৰু আপোচহীন সংগ্রাম। পাছত সেয়ে সত্যাগ্রহ আন্দোলন নামে অভিহিত হয়। এফালে উপনিৱেশবাদী দুর্দান্ত ইংৰাজসকলৰ অস্ত্রেশস্ত্রে সুসর্জিত সৈন্যদল, আনফালে অজস্ৰ নিৰাশ্রয়, নিৰপৰাধ, বেদনা জৰ্জৰিত মানুহৰ একমাত্র নিৰস্ত্ৰ নায়ক গান্ধীজী। হাজাৰ অপমান, লাঞ্ছনা, গঞ্জনা শিৰ পাতি লৈ গান্ধীজীয়ে চলাই গ’ল অসহযোগ, সত্যাগ্রহ আন্দোলন। গান্ধীজীৰ জয় হ’ল। ইংৰাজ শাসকসকলে ভাৰতীয়সকলৰ দাবী মানিবলৈ বাধ্য হ’ল। গান্ধীজীয়ে ২০ বছৰতকৈও অধিককাল নাটালত থাকি “নাটাল ভাৰতীয় কংগ্ৰেছ” প্ৰতিষ্ঠা কৰে আৰু নানা সাংগঠনিক কাম সম্পাদনা কৰি ১৯১৪ চনত ভাৰতলৈ ঘূৰি আহে।


ভাৰতত কার্যক্রমণিকা

মহাত্মা গান্ধীয়ে ভাৰতলৈ ঘূৰি অহাৰ আগতেই নাটালত তেওঁ কৰা কামৰ খ্যাতি ভাৰতত বিয়পি পৰে। ভাৰতলৈ আহি তেওঁ প্ৰথম ৰাজনীতিত প্ৰৱেশ নকৰি সবমতী নামে ঠাইত এখন আশ্রম প্রতিষ্ঠা কৰি জন-কল্যাণমূলক কামত আত্মনিয়োগ কৰে। ১৯১৪ চনৰ আগষ্ট মাহত ইউৰোপত বিশ্বযুদ্ধৰ জুই জ্বলি উঠে। বিপন্ন ইংৰাজ চৰকাৰে ভাৰতবাসীৰ ওচৰত সাহায্যৰ আবেদন জনায় আৰু তাৰ বিনিময়ত ভাৰতত স্বায়ত্ত শাসনৰ অধিকাৰ প্ৰৱৰ্তন কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হয়। প্ৰতাৰক ইংৰাজৰ কূট-কৌশল বুজি নাপাই গান্ধীজীব নেতৃত্বত সদৌ ভাৰতবাসীয়ে ইংৰাজসকলক নানা প্ৰকাৰে সহায় কৰে। কিন্তু যুদ্ধৰ অন্তত অকৃতজ্ঞ ইংৰাজ চৰকাৰে স্বায়ত্ত শাসনৰ পৰিৱৰ্তে ভাৰতক উপহাৰ দিয়ে ৰাওলাট আইন! ইংৰাজ চৰকাৰৰ এই প্ৰতাৰণাৰ বিৰুদ্ধে গান্ধীজীৰ নেতৃত্বত সমগ্ৰ ভাৰতবৰ্ষই আন্দোলন আৰম্ভ কৰে। ইতিমধ্যে ১৯১৯ চনত জালিয়ানবালাবাগত ইংৰাজ চৰকাৰে নিৰস্ত্ৰ লোকৰ ওপৰত অমানুষিক হত্যাকাণ্ড চলায়। ফল-স্বৰূপে সদৌ ভাৰত জুৰি আন্দোলনৰ ধুম উঠে।


স্বাধীনতা সংগ্ৰাম আৰম্ভ

১৯২০ চনত কলিকতা কংগ্ৰেছত গান্ধীজীয়ে স্বাধীনতা সংগ্ৰামৰ পাশুপাত অস্ত্র অসহযোগ আন্দোলন ৰাইজৰ হাতত তুলি দিয়ে। গান্ধীজীয়ে ভাৰতবাসীৰ অন্তৰত জাতীয় ভাৱ জগাই তুলিবৰ কাৰণে বিদেশী বস্তু বৰ্জন, খদ্দৰৰ প্ৰচলন আদি আন্দোলন গঢ়ি তোলে। ১৯২০ চনত হিন্দু-মুছলমানৰ সাম্প্রদায়িক সংঘৰ্ষ আৰম্ভ হোৱাত গান্ধীজীয়ে তাৰ প্ৰতিবাদত অনশন ব্ৰত গ্ৰহণ কৰে।

জাতীয় শক্তিক সুসংহত কৰিবৰ কাৰণে গান্ধীজীয়ে ১৯৩০ চনত লোণ আইনৰ বিৰুদ্ধে সত্যাগ্রহ আন্দোলন আৰম্ভ কৰে। এই আইন ভংগৰ কাৰণে তেওঁ বোম্বাইৰ ডাণ্ডি অভিমুখে পদযাত্রা কৰে। বুৰঞ্জীত ই ডাণ্ডি যাত্রা নামে খ্যাত। সমগ্ৰ ভাৰত সংগ্ৰামত জঁপিয়াই পৰিল। ইংৰাজ চৰকাৰে নিৰুপায় হৈ ভাৰতক স্বায়ত্ত শাসন দিয়াৰ উদ্দেশ্য আলাপ-আলোচনা কৰিবলৈ বিলাতত ঘূৰণীয়া মেজমেলৰ আয়োজন কৰে। তিনিবাৰকৈ ঘূৰণীয়া মেজমেল বহে; কিন্তু প্রতিবাৰেই ই ব্যর্থ হয়। ১৯৩৫ চনত জাতীয় কংগ্ৰেছে পূৰ্ণ স্বৰাজ ঘোষণা কৰে আৰু আইন অমান্য আন্দোলন আৰম্ভ হয়। চম্পাৰণ সত্যাগ্রহ, যাৰবেদা জেলৰ অনশন, পুণা চুক্তি আদি বহুতো ঐতিহাসিক ঘটনাই ভাৰতৰ স্বাধীনতা আন্দোলনৰ বুৰঞ্জী ৰঞ্জিত হৈ আছে। গান্ধীজীৰ নেতৃত্বত দেশবাসী উদ্বুদ্ধ হৈ স্বাধীনতাৰ বাবে দুৰ্দ্ধর্ষ সংগ্ৰামত লিপ্ত হৈ পৰে।


ভাৰত ত্যাগ আন্দোলন স্বাধীনতা লাভ

১৯৩৯ চনত পৃথিৱীব্যাপী আৰম্ভ হয় সর্বধ্বংসী দ্বিতীয় মহাসমৰ। তাৰ প্ৰৱল ঢৌৱে ভাৰতৰ বুকুতো প্ৰচণ্ড খুন্দা মাৰিলেহি। বৃটিছৰ কূট ছলনাত প্রলুব্ধ নহৈ এইবাৰ গান্ধীজীয়ে আৰম্ভ কৰিলে ভাৰত ত্যাগ আন্দোলন। ১৯৪২ চনৰ ৮ আগষ্ট তাৰিখে কংগ্ৰেছৰ বোম্বাই অধিবেশনত ভাৰতৰ পূৰ্ণ স্বাধীনতা আৰু ইংৰাজৰ ভাৰত ত্যাগ প্ৰস্তাৱ গৃহীত হ’ল। কোটি কণ্ঠ জিনি প্রতিধ্বনিত হ’ল ইংৰাজৰ ভাৰত ত্যাগ দাবী। গান্ধীজী আৰু হাজাৰ হাজাৰ নেতা কাৰাৰুদ্ধ হ’ল। হাজাৰজনে প্ৰাণ বলিদান দিলে। বহুজন ফাঁচীকাঠতন ওলমিল। কিন্তু ভাৰতবাসী আন্দোলনত অচল-অটল হিমাচল হৈ ৰ’ল। ফলত ইংৰাজৰ ভাৰত-ত্যাগ আসন্ন হৈ পৰিল।

এনেতে ১৯৪৬ চনত কলকাতা আৰু নোৱাখালীত হিন্দুমুছলমানৰ মাজত সৃষ্টি হ’ল সাম্প্রদায়িক সংঘর্ষ। হাজাৰ হাজাৰ হিন্দু-মুছলমানৰ ৰঙা তেজেৰে প্লাৱনৰ সৃষ্টি হ’ল ৷ অহিংসা আৰু ভ্ৰাতৃপ্ৰেমৰ মহাবাণী লৈ গান্ধীজীয়ে কলিকতা আৰু নোৱাখালীত শান্তি যাত্ৰা আৰম্ভ কৰিলে। দেশলৈ শান্তি ঘূৰি আহিল। ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰতে হৃত স্বাধীনতা ঘূৰাই পালে। কিন্তু ভাৰত চিৰদিনৰ বাবে ভাৰত আৰু পাকিস্তান দুই খণ্ডত বিভক্ত হৈ পৰিল। তাৰ বেদনাই গান্ধীজীক অসীম আঘাত দিলে।



মহাত্মা গান্ধীয় গান্ধীজীৰ সপোনৰ ৰামৰাজ্য

মহাত্মা গান্ধীয়ে এসময়ৰ সমৃদ্ধিশালী ভাৰত দাৰিদ্ৰৰ মহাকবলত জৰ্জৰিত হোৱা দৃশ্যই গান্ধীজীক বেদনাবিধুৰ কৰি তুলিছিল। সেয়েহে জনগণৰ দৰিদ্ৰতা দূৰ কৰি, জাতীয় সংহতি সুদৃঢ় কৰি সাম্প্রদায়িক সম্প্ৰীতিৰ মহামেলা ৰচনা কৰি সুবিশাল ভাৰতভূমিত সুখ শান্তি আৰু সমৃদ্ধিৰ এখনি মনোৰম ৰামৰাজ্য গঢ়ি তোলাৰ সপোন দেখিছিল গান্ধীজীয়ে । তাৰেই পদক্ষেপ হিচাপে দেশক স্বাৱলম্বী কৰি তুলিবলৈ খদ্দৰৰ প্ৰচলন, কুটীৰ শিল্পৰ উন্নয়ন, গ্রাম্য জন-স্বাস্থ্যৰ উন্নয়ন, সামাজিক উন্নয়নৰ বাবে সাম্প্রদায়িক সম্প্রীতি গঢ়ি তোলা, অস্পৃশ্যতা দূৰীকৰণ, মাদকদ্রব্য নিবাৰণ আদি বিভিন্ন সাংগঠনিক কার্যসূচী গান্ধীজীয়ে দেশবাসীৰ সন্মুখত দাঙি ধৰিছিল । হৰিজনসকলৰ উন্নয়নৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাইছিল। দেশৰ নিৰক্ষৰ জনসাধাৰণক শিক্ষাৰ পোহৰলৈ আনি সামগ্রিক উন্নয়নৰ অংশীদাৰ কৰিবৰ কাৰণে প্ৰাপ্তবয়স্কৰ 

 

শিক্ষা

 ব্যৱস্থা আৰু শিক্ষা জাতীয়কৰণৰ উদ্দেশ্য বুনিয়াদী শিক্ষা আঁচনিৰ উদ্ভাৱন শিক্ষাবিদসকলৰ বিফলতাৰ বাবেই সকলোবোৰ ব্যৰ্থ হৈ গ’ল। গান্ধীজীয়ে ভাৰতীয় নেতৃবৃন্দৰ নাড়ী-নক্ষত্ৰ বুজি পায়েই নিজে আঁচনি প্ৰয়োগ কৰাৰ মানসেৰে আৰু ভাৰতক নিজ হাতে গঢ়াৰ উদ্দেশ্যে ১২০ বছৰ জীয়াই থকাৰ কামনা কৰিছিল। কিন্তু নিয়তিৰ হাতৰ পুতলা, দুর্বল মানুহৰ আকাঙ্ক্ষা, কামনা সকলো মিছা। নিয়তিয়ে গান্ধীজীৰ কামনা দেখি অট্টহাস্য কৰি উঠিল।


মহাপ্রয়াণ

যিজন মহামানৱে ভাৰতৰ স্বাধীনতাৰ কাৰণে বহুবাৰ কাৰাবৰণ কৰিলে, নির্যাতন ভোগ কৰিলে; যিজনে স্বাধীনতা ভাৰতৰ বুকুত ৰাম-ৰাজ্য প্রতিষ্ঠাৰ আঁচনি তৈয়াৰ কৰিছিল, সেইজন মহা-মানয়ে স্বাধীনতাৰ ৰেহৰূপ চাবলৈ নৌ-পাওঁতেই ১৯৪৮ চনৰ ৩০ জানুৱাৰী তাৰিখে দিল্লীৰ এখন প্ৰাৰ্থনা সভালৈ যাওঁতে নাথুৰাম গড়ছেনামৰ এজন আততায়ীৰ গুলীত প্ৰাণ এৰিব লগা হ’ল।



সামৰণি

মহাত্মা গান্ধীয়ে সত্য, অহিংসা আৰু বিশ্বপ্ৰেমৰ প্ৰতীক; জাতিৰ জনকৰূপে সাৰ্বজনীনভাৱে অভিহিত গান্ধীজীয়ে আততায়ীৰ হাতত প্ৰাণ দিব লগীয়া হোৱাটো জাতিৰ ইতিহাসৰ এক কলঙ্কিত অধ্যায়। মানৱ প্ৰেম, মানৱ-সেৱা আৰু ঈশ্বৰ পৰায়ণতাত গান্ধীজীৰ তুলনা পাবলৈ টান। সেয়েহে তেওঁ বিশ্বৰ সৰ্বশ্রেষ্ঠ মনীষীৰূপে অভিহিত হৈছে। অস্পৃশ্য আৰু পতিতসকলক উদ্ধাৰ কৰা আৰু তেওঁলোকৰ মংগলৰ বাবে জীৱনৰ সমস্ত সুখ-স্বাচ্ছন্দ্য ত্যাগ কৰি আগবঢ়োৱা সেৱাৰ ফলশ্ৰুতিয়েই হৈছে হৰিজন আন্দোলন। তেওঁলোকো ভগৱানৰ সন্তান বাবেই গান্ধীজীয়েই তেওঁলোকক আখ্যা দিছিল হৰিজন৷ তেওঁলোকৰ উন্নয়নেই গান্ধীজীৰ শেষ ছোৱা জীৱনৰ আছিল। একমাত্ৰ ব্ৰত ৷ জীৱনৰ প্ৰতি স্তৰতে সত্যৰ অন্বেষণ আছিল, তেওঁৰ জীৱন-সাধনা। “মোৰ সত্য অন্বেষণৰ কাহিনী” গান্ধীজীৰ জীৱন-দৰ্শন৷ প্ৰতিটো কাম, প্ৰতিটো চিন্তা, প্ৰতিটো পদক্ষেপ সত্যৰ ওপৰত প্ৰতিষ্ঠিত হয়নে নহয়, পৰীক্ষা কৰিহে গান্ধীজী সেই পথেৰে আগ বাঢ়িছিল। গতিকে তেওঁৰ সত্যৰ পৰীক্ষা আৰু আন্দোলনৰ সমস্ত জীৱনটোৱেই আছিল তেওঁৰ বাণী।




Tags:

Post a Comment

0Comments

Post a Comment (0)