ফকৰা- যোজনা
যি মূলা বাঢ়ে তাৰ দুপাততে চিন
অসমীয়া সমাজত সততে ব্যৱহাৰ কৰা ই এক ফকৰা যোজনা। সৰু কালতে যে ডাঙৰৰ লক্ষণ ফুটি উঠে সেয়া বুজাবলৈ উক্ত ফকৰা যোজনাটি মতা হয়।
মূলা এবিধ ভাল পাচলি।ইয়াৰ শাক আৰু মূল দুয়ো খাব পাৰি। অসমীয়া মানুহে পাচলি হিচাপে ইয়াক খাবলৈ অতি ভাল পায়। সেয়ে বহুত কৃষকে ইয়াৰ খেতি কৰে। মূলাৰ বীজ সিঁচাৰ প্ৰায় পোন্ধৰ-বিশদিনৰ ভিতৰতে ই দুপতীয়া হয়। আমি লক্ষ্য কৰিলে দেখা পাম যে গঁজি উঠা মূলাৰ সকলোবোৰ চেহেৰা দেখাত একে নহয়। ইয়াৰ কিছুমান দুৰ্বল আৰু লেহুেকা হয়। কৃষকে ইয়াৰ দুপাত হোৱাৰ লগে লগেই পাত চাইয়েই বুজিব পাৰে কোনবোৰ মূলা ডাঙৰ হ’লে ভাল হ’ব আৰু কোনবোৰ বেয়া হ’ব। সেয়ে বেয়া পুলিবোৰ উভালি পেলাই ভাল লক্ষণ থকা পুলিবোৰ ডাঙৰ হ’বলৈ দিয়ে।
দুপাততে যিদৰে মূলা চিনিব পাৰি ঠিক সেইদৰে ল’ৰালি কালৰ আচাৰ-আচৰণ চাই শিশু এটা ডাঙৰ হ’লে কেনেকুৱা হ’ব সেয়া বুজিব পাৰি। আমি ইতিহসত পাওঁ যে সিকল ব্যক্তিয়ে মানৱ সভ্যতালৈ মহৎ অৱদান আগবঢ়াইছে সেইসকল ব্যক্তি সৰুকালৰ পৰাই আচাৰ-আচৰণত ভাল আৰু কৰ্তব্যপৰায়ণ আছিল।
উক্ত প্ৰৱনচটোৰ সমাৰ্থক আন এক প্ৰৱচন আছে। সেয়া — ‘ৰাতি পুৱাই দিনটোৰ আগজানিনি দিয়ে’। অৰ্থাৎ ৰাতিপুৱা যদি সুন্দৰ আৰু উজ্জ্বল হয় তেন্তে গোটেই দিনটো উজ্জ্বল আৰু ভাল হোৱাৰ সম্ভাৱনা থাকে। তেনেদৰে ৰাতিপুৱাৰ বতৰটো যদি গোমোঠা, ডাৱৰীয়া হয় তেন্তে গোটেই দিনটো প্ৰায়েই তেনে হয়।
গৰুৰ আগত বজাই টোকাৰী, গৰু ঘাঁহ খাই কাণ-মূৰ জোকাৰি
উত্তৰঃ টোকাৰী এবিধ মিঠাসুৰীয়া বাদ্যযন্ত্ৰ— ব’ৰাগীসকলে আৰু সঙ্গীতজ্ঞ সকলে টোকাৰী বজাই গীত গাই মানুহক পৰম আনন্দ দান কৰে। কিন্তু এই টোকাৰীৰ সুৰ মিঠা নে তিতা তাক গৰুৱে নুবুজে, মানুহৰ দৰে কাণ পাতি নুশুনে; সি ঘাঁহ খাইয়ে থাকিব। সেইদৰে মূৰ্খ মানুহবিলাকৰ আগতো ভাল কথা ক’লে সিহঁতে তাৰ অৰ্থ বুজিব নোৱাৰে; সিহঁতে নিজৰ মতেৰেই গৈ থাকে বা অমূলক তৰ্ক কৰি সময় নষ্ট কৰে।
কথাত কটা যায়, কথাত বঁটা পায়।
উত্তৰঃ ভালদৰে কথা ক’ব জনাটো এটা কলা। মানুহ যিহেতু সামাজিক প্রাণী, সেইবাবে সমাজত কাৰ সৈতে কেনেদৰে কথা পাতিব লাগে, কেনে ধৰণৰ কথা কব নালাগে, আমি জানিব লাগে। কথা ক’ব নজনাৰ ফলতেই মানুহে যে বন্ধু হেৰুৱাব লগা হয়, মাথোন এনে নহয়, বহু সময়ত নানা আহুকালৰো সম্মুখীন হ’ব লগা হয় বহুতে নকবলগীয়া কথা য’তে ত’তে কৈ অনর্থক বিপদ চপায় লয়। সেইবাবেই কোৱা হয়, “মানুহ মৰে কৈ, পাখী মৰে ৰৈ।” অকল সমাজতেই নহয়, নিজৰ পৰিয়ালতো কথা কব নজনাৰ ফলত মানুহ পৰিয়ালৰ অপ্ৰিয় ভাজন হয়। কথা ক’ব নজনাৰ ফলতেই বা য’তে ত’তে নকবলগীয়া কথা কৈ ফুৰা স্বভাৱৰ বাবেই বহু জ্ঞানী বা জনা বুজা লোক আনৰ হাঁহিৰ পাত্ৰ হয়। ইয়ে তেওঁলোকৰ ব্যক্তিত্ব লঘু করে।
আনহাতে মিষ্টভাষী আৰু জুখি-মাখি কথা কোৱা লোক নিজেও বিপদত নপৰে বা আনৰো অপ্রিয় ভাজন নহয়। তেওঁ জানে যে জিভাৰ পিচলে কিন্তু বিপদ ঘটায়। সেইবাবে তেওঁ অলাগতীয়াল ভাবে য’তে তাঁতে বকি নুফুৰে ; সত্য হলেও অপ্রিয় কথা নকয় ; নাইবা যি কথাই আনৰ অন্তৰত আঘাট দিব পাৰে, তেনে পৰিস্থিতি এৰাই ফুৰে। ফলত তেওঁ মানুহৰ প্রিয়ভাজন হয়, তেওঁৰ ব্যক্তিত্বক মানুহে শ্রদ্ধা কৰে, তেওঁৰ কথাত আস্থা ৰাখে।
সেইবাবেই কোৱা হয়, কথাত কটা যায়, কথাট বঁটা পায়।
সোণৰ জেউতি অমান্য কৰিলে নকমে।
উত্তৰঃ সোণ এবিধ মূল্যবান ধাতু। ইয়াৰ জেউতিৰ বাবেই মানুহে ইয়াক অলঙ্কাৰ হিচাবে পৰিধান কৰে। কোনোৱে অমান্য কৰিলেই সোণৰ জেউতি কমি কৰি নাযায়। সেইদৰে মানুহৰ জ্ঞান আৰু প্ৰতিভাক অনাদৰ কৰিলেই তাৰ মূল্য কমি নাযায়। পৃথিৱীত ইয়াৰ অলেখ উদাহৰণ আছে। যীশুখৃষ্টই মানুহকে সত্যৰ সন্ধান দিব বিচাৰিছিল, সেইবাবে এচামে তেওঁক ক্রুছ বিদ্ধ কৰি হত্যা কৰিলে ; ছক্ৰেটিছে মানুহক, ধর্মান্ধতাৰ বিপৰীতে যুক্তিশীল কৰি তুলিব বিচাৰিছিল, তাৰবাবে তেওঁক বিষ খুৱাই হত্যা কৰা হ’ল; এক ধৰণে সমাজক সত্যৰ আলোকেৰে আলোকিত কৰিব বিচৰাৰ অপৰাধতেই গেলিলিঅ’ক শাস্তি ভোগ কৰিব লগা হ’ল। কিন্তু লোকে আজিও এই মহান দিগ্দর্শক সকলে দেখুৱাই যোৱা বাটেৰে সত্যৰ বাটবুলি সমাজ সভ্যতাৰ সোপানত আগবাঢ়িছে। কাৰোবাৰ যদি প্রতিভা আছে তাক সমসাময়িক সমাজে স্বীকৃতি নিদিলেও এদিন নহয় এদিন সি স্বীকৃতি পাবই। শক্তিৰ যেনেদৰে বিনাশ নাই প্রতিভাবো তেনেদৰে বিনাশ নাই। সেইবাবে কাৰোবাৰ অবহেলা বা অনাদৰলৈ কেৰেপ নকৰি নিৰবচ্ছিন্ন অধ্যবসায়ৰ যোগেৰে আগবাঢ়ি গ’লে প্ৰতিভাধৰ মানুহৰ প্ৰতিভাই এদিন সমাজক উপকৃত কৰিব।
শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে ।
উত্তৰঃ উদ্যোগী নাইবা পৰিশ্ৰমী মানুহে জীৱনত সাফল্য লাভ কৰে। উদ্যোগী নোহোৱা হলে কোনোবাই জীৱনত উন্নতি কৰিব নোৱাৰে। আনকি দিনৰ দিনটো শিক্ষক নিয়াবলৈ অলপ অচৰপ কাম কৰিবই লাগিব। এলেহুৱা হৈ শুই থাকিলে মানুহে জীৱনত দুখ পোৱাত বাহিৰে একো পন্থা নাই। আমি জানো শিয়ালে হাঁহ ধৰিবলৈ আৰু মাৰি খাবলৈ খুবেই পাৰ্গত। কিন্তু তাৰ বাবে হাঁহ বিচাৰি বিচাৰি তাক হাবিৰ এমূৰৰ পৰা আনটো মূৰলৈ দৌৰিব লাগে। তেনে উদ্যোগ আৰু শ্ৰম কৰিহে সি খাব পায়। তেনেদৰে কোৱা হৈছে ন হি সুপ্তস্য সিংহস্য মুখে প্রবিশন্তি মৃগাঃ’— অর্থাৎ টোপনিত লাল-কাল দি শুই থকা সিংহৰ মুৰ্খত হৰিণা আহি নিজেই কেতিয়াও নোসোমায়। তাক হৰিণা বিচাৰি চিকাৰ কৰি হৰিণা মাৰিব লাগে।
এশ গৰু মাৰিলে বাঘৰো মৰণ।
উত্তৰঃ প্ৰতিটো বস্তুৰেই বা প্ৰতিটো কাৰ্য্যৰেই একোটা সীমা আছে। কিন্তু লক্ষ্য কৰা যায় বেয়া কাম কৰোঁতালোকে বেয়া কামৰ নিচাত এটাৰ পিছত আন এটাকৈ বেয়া কাম কৰি যায়। কিন্তু এনে এটা সময় অৱশ্যই আহে যেতিয়া তেওঁ সেই কুকৰ্মৰ বিষস পৰিণতি ভোগ কৰিবলগীয়া হয়। বাঘে গৰু মাৰে, কিন্তু এটাৰ পিছত এটা গৰু নিধন কৰিগৈ থকাৰ পিছত গৰুৰ গৰাকীৰ হাততেই বাঘৰ নিধন হয়। কু-কর্ম কৰোঁতাজনৰো একেই পৰিণতি হয়। ইতিহাসৰ পাতে পাতে ইয়াৰ অলেখ উদাহৰণ আছে। হিটলাৰৰ ইহুদী নিধন ঘৰ পাতি বিভীষিকাৰ সৃষ্টি কৰিছিল। কিন্তু সেই হিটলাৰেও শেষত শত্ৰুৰ চৰম শাস্তিৰ পৰা নিজক বচাবৰ বাবে আত্মহত্যাৰ পথ বাচি ল’ব লগা হৈছিল। আমাৰ সমাজতো দেখা যায় এচাম লোকে আনৰ ওপৰত উৎপীড়ন আদি চলাই যায়। বর্তমান সময়ত ইয়াৰ প্ৰাদুৰ্ভাব অতি প্রকটৰূপে হৈছে৷ কিন্তু বেছি ভাগেই হয় ৰজাঘৰ ভাত খাই নাইবা নিজৰ জীৱন দি নিজৰ কু-কাৰ্যৰ বাবে প্রায়শ্চিত্ত কৰিব লগীয়া হৈছে। ইয়াৰ কাৰণ হ’ল মানুহৰ সহ্যৰ এটা সীমা আছে, সেই সীমা পাৰ হৈ গ’লেই মানুহে নিজৰ জীৱনৰ কথা চিন্তা নকৰি অত্যাচাৰ বা কু-কৰ্মকাৰীৰ ওপৰত জঁপিয়াই পৰে।
ৰাইজে নখ জোকাৰিলে নৈ বয়।
উত্তৰঃ এই পৃথিৱীতে অসাধ্য বুলি কোনো কাম নাই। মানুহে ইচ্ছা কৰিলে যিকোনো কামেই সমাধা কৰিব পাৰে। অৱশ্যে কিছুমান কাম গাইগুটীয়াভাবে কৰাটো সম্ভৱ নহয়। তেনে ক্ষেত্ৰত সমূহীয়াভাবে কামত আগ বাঢ়িলে অসাধ্য যেন লগা কামো সহজ হয়। প্রকৃতি ৰাজ্যত ইয়াৰ অলেখ উদাহৰণ, পোৱা যায়। পিপৰা, মৌমাখি আদিয়ে লগে ভাগে কাম কৰি এনে কিছুমান কাম কৰে যাক দেখিলে আশ্চর্য্য বোধ হয়। পিপৰাই পর্বত খহাব পাৰে বুলি এটা কথা আছে। কিন্তু কোনো পিপৰাই গাইগুটীয়াভাবে পর্বত খহাব নোৱাৰে। নখৰ ওপৰত সামান্য পানী ৰাখিব পাৰি, কিন্তু অলেখ মানুহে একেলগে নখৰ পানী জোকাৰিলে পানীৰ সোঁতৰ সৃষ্টি হব। বিশেষকৈ ৰাজহুৱা কাম আদিত এই কথাষাৰ বাৰুকৈয়ে খাটে। ৰাজহুৱা বাটপথ নিৰ্মাণ, পুখুৰী খন্দা, মন্দিৰ, পুথি ভঁৰাল আদি নিৰ্মাণ কৰা কাৰ্যত গাৱঁৰ ৰাইজ একগোট হৈ কাম কৰিলেহে কামটো সহজে সম্পাদন কৰিব পাৰি।
আপোন ভালে জগৎ ভাল।
উত্তৰঃ এই জগতত অগণন মানুহ আছে। তাৰে কিছুমান সদায় বিমোৰত থকা দেখা যায়। তেওঁ আন মানুহক কেতিয়াও বিশ্বাস নকৰে, কাকো ভাল বুলি নাভাবে। তেওঁ ভাবে তেওঁত বাহিৰে জগতৰ সকলো মানুহেই অসজ আৰু বেয়া। তেওঁৰ বাবে জগতখনেই বেয়া যেন লাগে।
কিন্তু আনফালে আন কিছুমান মানুহ আছে যিসকলে সদায় আনন্দৰ মাজত দিন নিযায়। কোনোবাই তেওঁৰ ক্ষতি কৰিলেও তেওঁ তাক খঙ নকৰে; তেওঁ ভুল কৰিছে ভাবি হাঁহি এটা মাৰে। মুঠতে তেওঁ সকলোকে ভাল পায় বাবে তেওঁৰ শত্ৰু একো নাই। দৰাচলতে তেওঁ নিজে ভাল বুলি গোটেই জগতখন তেওঁৰ বাবে ভাল। আনহাতে বেয়া মানুহৰ বাবে জগতখনেই বেয়া। সেই দেখি আমি সকলোৱে। নিজে ভাল হবলৈ চেষ্টা কৰিব লাগে। তেনেহলে মাথোন জগতখন নহয়, নিজৰ জীৱনটো আমাৰ বাবে সুখৰ আৰু আনন্দৰ জীৱন এটা হৈ পৰিব।
অধিক মাছত বগলী কণা
উত্তৰঃবহুত বেছি বিকল্প থাকিলে তাৰ মাজৰ পৰা এটা বাছনি কৰা অসুবিধা হয়।
বগলীয়ে মাছ খাই ভাল পায়। ই মাছ ধৰাৰ ক্ষেত্ৰতো অত্যন্ত পাৰ্গত। কিন্তু চৌদিশে মাছৰ উভৈনদী হ'লে কোনটো ধৰোঁ কোনটো নধৰোঁ হৈ বগলীয়ে মাছ ধৰিব নোৱাৰা হয়। সেয়েহে অত্যধিক বিকল্পৰ ক্ষেত্ৰত বাছ-বিচাৰ কৰি থাকোঁতে বাছনিত ভুল হোৱাৰ বা বাছনি কৰিব নোৱাৰা নহ'বলৈ এই যোজনাৰদ্বাৰা সঁকিয়াই দিয়া হৈছে।
উত্তৰ : নিয়মিত অভ্যাস কৰিলে যিকোনো কামেই সহজে কৰিব পাৰি। কাণৰ কেৰু বা থুৰীয়া পিন্ধা ফুটাটো সৰু। ইয়াৰ মাজেৰে কাঁড় মৰাৰ অভ্যাস কৰিবলৈ কাঁড়ীজন অত্যন্ত পাৰ্গত নহ’লে লক্ষ্য হোৱা ব্যক্তিজনৰ প্ৰাণ যোৱাৰো আশংকা থাকে। কিন্তু অভ্যাস কৰিলে মানুহ ইয়াতো পাৰ্গত হয়। সেয়ে অভ্যাস কৰিলে টান কামো কৰিব পৰা যায় বুলি এই যোজনাৰ দ্বাৰা অনুপ্ৰাণিত কৰা হৈছে।