গুৰুত্বপূৰ্ণ প্ৰশ্ন অসমৰ ছবি জগতৰ
By -
GK Nagar
December 21, 2024
অসমৰ চলচ্চিত্ৰৰ প্ৰথম
অসমৰ চলচ্চিত্ৰৰ প্ৰথম
- অনা অসমীয়া শিল্পীয়ে একক কণ্ঠত গীত পৰিৱেশন কৰা অসমীয়া ছবি: এবা বাটৰ সুৰ। এইখন ছবিত 'জোনাকৰে বাতি অসমীৰে মাটি' গীতটিত কণ্ঠদান কৰিছিল লতা মংগেশকাৰে।
- অসমত দৃশ্যগ্ৰহণ হোৱা হিন্দী চলচ্চিত্ৰ: য়ে গুলিস্তা হামাৰা (১৯৭২)। পৰিচালক: আত্মাৰাম।
- অসমৰ বাহিৰৰ শিল্পীয়ে অভিনয় কৰা অসমীয়া ছবি: এৰা বাটৰ সুৰ (১৯৫৬)। বলৰাজ সাহানিয়ে অতিথি শিল্পীৰূপে অভিনয় কৰিছিল। পৰিচালকঃ ভূপেন হাজৰিকা।
- অসমীয়া চলচ্চিত্ৰৰ পৰিচালক: জ্যোতিপ্ৰসাদ আগৰৱালা।
- অসমীয়া চলচ্চিত্ৰৰ লং প্লেয়িং গ্রামোফোন ৰেকৰ্ড: চিহ্নিক বিজুলী (১৯৬৯)। পৰিচালকঃ ভূপেন হাজৰিকা।
- অস্কাৰৰ মনোনয়নৰ (বিদেশী ভাষা ছবি শিতান) বাবে নির্বাচিত অসমীয়া ছবি: ভিলেজ ৰকষ্টাৰ্ছ (২০১৮)। পৰিচালকঃ ৰীমা দাস।
- আটাইতকৈ কম চৰিত্ৰৰে নিৰ্মিত অসমীয়া ছবি: দি ছিক্সথ ডে অব ক্রিয়েছন (২০০৫)। পৰিচালক: দীপা ভট্টাচাৰ্য। ছবিখনৰ চৰিত্ৰ মাত্ৰ তিনিটা।
- আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ শ্ৰেষ্ঠ শিল্পীৰ সন্মান লাভ কৰা অভিনেতা: ইন্দ্ৰ বণিয়া (১৯৮৭)। ছবি: হালধীয়া চৰায়ে বাওধান খায়।
- আন্তর্জাতিক সম্মান লাভ কৰা ছবি: হালধীয়া চৰায়ে বাওধান খায় (১৯৮৭)। ছবিখন লোকাৰ্ণো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত দ্বিতীয় শ্রেষ্ঠ ছবিৰূপে নির্বাচিত।
- আমোদকৰ মুক্ত অসমীয়া ছবি: কেঁচাসোণ (১৯৫৯)। পৰিচালকঃ ফণী শৰ্মা।
- আংশিক ৰজীন ছবি: শকুন্তলা (১৯৬১)। পৰিচালকঃ ভূপেন হাজৰিকা।
- ইণ্ডিয়ান পেনোৰামাত প্রদর্শিত অসমীয়া চলচ্চিত্ৰ: সন্ধ্যাৰাগ (১৯৭৭)। পৰিচালক: ভবেন্দ্ৰ নাথ শইকীয়া।
- ইণ্ডিয়ান পেনোৰামাৰ উদ্বোধনী ছবিৰ সম্মান লাভ কৰা অসমীয়া ছবি: ৰাগ-বিৰাগ (১৯৯৬)। পৰিচালক: বিদ্যুৎ চক্রৱৰ্তী।
- ইষ্টমেন কালাৰৰ অসমীয়া চলচ্চিত্ৰ: আজলী নবৌ (১৯৮০)। পৰিচালকঃ নিপ বৰুৱা।
- উপন্যাসৰ আধাৰত নিৰ্মিত অসমীয়া ছবি: মনোমতী (১৯৪১)। পৰিচালকঃ বোহিণী কুমাৰ বৰুৱা।
- কাৰ্বি ছবি: জিবছং (১৯৮৭)। পৰিচালক: প্রফুল্ল শইকীয়া।
- চলচ্চিত্ৰ 'জয়মতী' মুক্তি লাভ কৰে: ১৯৩৫ চনৰ ১০ মাৰ্চত কলকাতাৰ ৰাওনাক চিত্রগৃহত আৰু ২০ মাৰ্চত গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত।
- চলচ্চিত্ৰ 'জয়মতী'ৰ সংগীত পৰিচালক: জ্যোতিপ্ৰসাদ আগৰৱালা।
- চলচ্চিত্ৰৰ গীতিকাৰ: লক্ষ্মীনাথ বেজবৰুৱা ('জয়মতী', ১৯৩৫)।
- চিনেমাস্কোপ ছবি: জীৱন সুৰভি (১৯৮৪)। পৰিচালক: নবেশ কুমাৰ।
- জনগোষ্ঠীয় ভাষাত নিৰ্মিত ছবি: দা আনটল্ড ষ্টৰী অব ব্লু হিলছ (১৯৮৫, ডিমাছা ভাষাত)। পৰিচালক: প্রফুল্ল শইকীয়া।
- দূৰদৰ্শনযোগে সম্প্ৰচাৰিত অসমীয়া চলচ্চিত্ৰ: বৃষ্টি (১৯৭৪)। পৰিচালকঃ দেউতি বৰুৱা।
- দেশৰবাহিৰত প্রদর্শিত অসমীয়া চলচ্চিত্ৰ: পূবেৰুণ (১৯৫৯)। ছবিখন বাৰ্লিনত প্রদর্শিত হৈছিল। পৰিচালক: প্রভাত মুখাৰ্জী।
- দ্বি-ভাষিক চলচ্চিত্ৰ: সতী বেউলা (১৯৪৮, অসমীয়া-বাংলা)।
- ধর্মমূলক ছবি: সতী বেউলা (১৯৫৪)। পৰিচালকঃ সুনীল গংগোপাধ্যায়।
- শ্রেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ: মলয়া গোস্বামী, ১৯৯১ (ফিৰিঙতি)।
- শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ বঁটা লাভ কৰা ছবি: ডক্তৰ বেজবৰুৱা (১৯৬৯)। পৰিচালক: ব্ৰজেন বৰুৱা।
- স্বৰ্ণকমল প্রাপ্ত চলচ্চিত্ৰ: হালধীয়া চৰায়ে বাওধান খায় (১৯৮৭)। পৰিচালকঃ জাহ্নু বৰুৱা।
- সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰোঁতা: ভূপেন হাজৰিকা (চামেলি মেমচাব, ১৯৭৫)।
Assamese Cinema Quiz
- অসমীয়া ছবিজগতৰ পিতৃস্বৰূপ কোন ?
উত্তৰঃ জ্যোতি প্ৰসাদ আগৰৱালা।
- প্ৰথম অসমীয়া চলচিত্ৰ স্টুডিঅ’ ৰ নাম কি ?
উত্তৰঃ তেজপুৰত ১৯৩৪ চনত প্রতিষ্ঠিত ‘চিত্ৰবন’।
- অসমৰ প্রথম বোলছবি কোনখন ?
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ (১৯৩৫ চন)।
- প্ৰথম অসমীয়া গ্ৰামোফোন ৰেকৰ্ডৰ শিল্পী কোন ?
উত্তৰঃ প্ৰফুল্ল চন্দ্ৰ বৰুৱা।
- প্ৰথম অসমীয়া উৎকণ্ঠাধৰ্মী চলচিত্ৰ কোনখন ?
উত্তৰঃ ড০ বেজবৰুৱা।
- ‘জয়মতী’ চলচিত্ৰত জয়মতীৰ চৰিত্ৰত কোনে অভিনয় কৰিছিল ?
উত্তৰঃ আইদেউ সন্দিকৈ।
- প্ৰথম অসমীয়া হাস্যৰসাত্মক চলচিত্ৰ কোনখন ?
উত্তৰঃ ইটো সিটো বহুতো।
- প্ৰথম অসমীয়া শিশু চলচিত্ৰৰ নাম কি ?
উত্তৰঃ অবুজ বেদনা।
- জ্যোতি প্রসাদ আগৰৱালাই নিৰ্মাণ কৰা ২য় চলচিত্ৰ কোনখন ?
উত্তৰঃ ইন্দ্ৰ মালতি (১৯৩৯)।
- প্ৰথম অসমীয়া চলচিত্ৰ অভিনেত্ৰী কোন ?
উত্তৰঃ আইদেউ সন্দিকৈ।
- সত্যজিৎ ৰায়ৰ দ্বাৰা পৰিচালিত ‘অশনি সংকেত’ত অভিনয় কৰা অসমৰ একমাত্ৰ অভিনেত্ৰী গৰাকী কোন ?
উত্তৰঃ চন্দ্ৰা নাথ।
- প্ৰথম অসমীয়া চিনেমাস্কোপ ছবি কোনখন ?
উত্তৰঃ জীৱন সুৰভি (১৯৮৪ চন)।
- গুৱাহাটী দূৰদৰ্শন যোগে সম্প্ৰচাৰিত প্ৰথম অসমীয়া চলচিত্ৰ কোনখন ?
উত্তৰঃ বৃষ্টি (১৯৪৭ চন)।
- কেলভিন ছবিগৃহ গুৱাহাটী শহৰত পৰিচিত প্ৰথম চলচিত্ৰ গৃহ কোনখন ?
উত্তৰঃ কেলভিন।
- কোনখন চলচিত্ৰৰ ৫,৩০,০০০ সংখ্যক শ্ৰাব্য কেছেট বিক্ৰী হৈছিল ?
উত্তৰঃ ৰ’দালি।
- অন-অসমীয়া চলচিত্ৰ নিৰ্মাণ কৰা প্ৰথম অসমীয়া পৰিচালকজন কোন ?
উত্তৰঃ প্ৰমথেশ বৰুৱা (দেৱদাস)।
- কোনজন অসমীয়া বোলছবি পৰিচালকে প্রথম ৰাষ্ট্ৰপতি পদক লাভ কৰে ?
উত্তৰঃ নিপ বৰুৱা।
- ভবেন্দ্ৰনাথ শইকীয়াই কোনখন চলচিত্ৰৰ বাবে শ্রেষ্ঠ নাট্যলিপিৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল ?
উত্তৰঃ অগ্নিস্নান (১৯৮৬ চন)।
- একেৰাহে সংগীত পৰিচালনা, অভিনয় আৰু চিনেমা পৰিচালনা কৰা অসমৰ শিল্পীগৰাকী কোন ?
উত্তৰঃ জুবিন গাৰ্গ।
- অসমৰ বাহিৰত (বাৰ্লিনত) প্রদৰ্শিত প্ৰথম অসমীয়া সামাজিক চলচিত্ৰ কোনখন ?
উত্তৰঃ পূৱেৰুণ।
- ফিল্ম ফেয়াৰ বঁটা লাভ কৰা প্রথম অসমীয়া ব্যক্তিজন কোন ?
উত্তৰঃ বিজয় চৌধুৰী।
- কথাছবিত কলা নিৰ্দেশিকা হোৱা প্রথম অসমীয়া মহিলাগৰাকী কোন ?
উত্তৰঃ এলি আহমেদ।
- ১৯৯৩ চনত টকিঅ’ত অনুষ্ঠিত ‘এচিয়া পেচিফিক’ চলচিত্ৰ মহোৎসৱত বৰ্ষৰ শ্রেষ্ঠ সংগীত পৰিচালকৰ সন্মান কোনে অৰ্জন কৰিছিল ?
উত্তৰঃ ভূপেন হাজৰিকা।
- ১৯৪৮ চনত কোনখন ছবিত বিষ্ণু প্রাসাদ ৰাভাই সংগীত পৰিচালনা কৰিছিল ?
উত্তৰঃ ‘চিৰাজ’ নামৰ ছবিখনত।
- ১৯৯৬ চনত ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত পূৰ্বৰ মুখ্য মন্ত্ৰী শৰৎচন্দ্ৰ সিংহৰ জীৱন ভিত্তিক চলচিত্ৰ ‘অল এলোন ইফ নিড বি’ ৰ পৰিচালক কোন আছিল ?
উত্তৰঃ ৰণজিৎ দাস।
- কোনখন অসমীয়া চলচিত্ৰই প্রথম সংগীত পৰিচালনাৰ বঁটা লাভ কৰিছিল ?
উত্তৰঃ চামেলি মেমচাব।
- ১৯৯২ চনত ভূপেন হাজৰিকাই কোনখন চলচিত্ৰৰ বাবে শ্রেষ্ঠ সংগীত পৰিচালনাৰ বঁটা লাভ কৰিছিল ?
উত্তৰঃ ৰ’দালি।
- ‘জ্যোতি চিত্ৰবন’ কোন চনত স্থাপন কৰা হৈছিল ?
উত্তৰঃ ১৯৬৮ চনত।
- শেখৰ কাপুৰ নিৰ্মিত চলচিত্ৰ ‘বণ্ডিত কুইন’ত অভিনয় কৰা অসমীয়া অভিনেত্ৰী গৰাকী কোন ?
উত্তৰঃ সীমা বিশ্বাস।
- ১৯৫৯ চনত ‘বাৰ্লিন চলচিত্ৰ মহোৎসৱত অংশ গ্ৰহণ কৰি শ্রেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰা অসমীয়া অভিনেত্ৰী গৰাকী কোন ?
উত্তৰঃ জ্ঞানদা কাকতি।
- অসমৰ ঐতিহ্যময় থিয়েটাৰ গৃহ ‘বেন-স্টেজ’ ক’ত অৱস্থিত ?
উত্তৰঃ তেজপুৰত।
- ২০০২ চনত শ্রেষ্ঠ আঞ্চলিক ভাষাৰ ৰাষ্ট্ৰীয় চলচিত্ৰৰ বঁটা লাভ কৰা চলচিত্ৰ কোনখন ?
উত্তৰঃ জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত ‘কণিকাৰ ৰামধেনু’।
- ৰাষ্ট্ৰীয় ৰজত কমল বঁটা বিজয়ী প্রতিমা পাণ্ডেৰ জীৱন কাহিনীৰ আধাৰত নিৰ্মিত তথ্যচিত্ৰৰ নাম কি ?
উত্তৰঃ হস্তীৰ কন্যা।
- অসমীয়া চলচ্চিত্ৰৰ প্রথম পৰিচালক কোন ?
উত্তৰঃ প্ৰমথেশ বৰুৱা।
- যোগ্যতাৰ প্রমাণপত্ৰ পোৱা প্রথম অসমীয়া চলচিত্ৰ কোনখন ?
উত্তৰঃ মৰীচিকা (১৯৭২ চন)।
- গুৱাহাটী দূৰদৰ্শন যোগে সম্প্ৰচাৰিত প্রথম অসমীয়া চলচিত্ৰ কোনখন ?
উত্তৰঃ বৃষ্টি (১৯৪৭ চন)।