About Madhav dev in Assamese

GK Nagar
By -
0

মহাপুৰুষ মাধৱদেৱ 


শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম হয় ১৪৮৯ খ্ৰীঃ। তেখেতৰ জন্ম হয় লক্ষিমপুৰ জিলা নাৰায়ণপুৰ লেটেকু পুখুৰী নামৰ ঠাইত। তেখেতৰ মাতৃ নাম মনোৰমা আৰু পিতৃ নাম গোৱিন্দগিৰি।


শ্ৰীশ্ৰী মাধৱদেৱ আছিল অসমৰ নৱবৈষ্ণৱ ভক্তিধৰ্ম আন্দোলনৰ এগৰাকী গুৰি ধৰোঁতা। শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য আছিল মাধৱদেৱ। গুৰুজনাৰ মহাপ্ৰয়াণৰ পাছত মহাপুৰুষীয়াধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ দায়িত্ব তেখেতৰ ওপৰতে পৰে। শংকৰদেৱৰ সৈতে তেওঁ আহোম ৰাজ্যৰ উজনি অসম পৰিত্যাগ কৰে আৰু নামমি কোচ ৰাজ্যৰবৰপেটা জিলাত তেখেত থাকিবলৈ লয়। শংকৰদেৱৰ বৰপেটা ওচৰৰ চূণপোৰা এৰি পাটবাউসীত থাকিবলৈ লোৱা সময়তে মাধৱদেৱে গণককুছিত থাকিবলৈ লয়। এই সময়তে গুৰু শংকৰৰ সৈতে তেওঁ তীৰ্থভ্ৰমণলৈ যায়। শংকৰদেৱৰ বিয়োগৰ পাছত মহাপুৰুষ মাধৱদেৱে অসমৰ নৱবৈষ্ণৱধৰ্মৰ গুৰুত্ব দাঙি গ্ৰহণ কৰে। মাধৱদেৱ ৰ জীৱনকৰ শেষ সময়খিনি কোঁবেহাৰৰ ৰজা লক্ষ্মীনাৰায়নৰ ৰাজ্য ভেলাদুৱাৰত থাকিবলৈ লয়। তাতে তেওঁ মহাপ্ৰয়াণ ঘটে।


শ্ৰীশ্ৰী মাধৱদেৱৰ স্থাপন কৰা সত্ৰ সমূহ হৈছে বৰপেটা সত্ৰ সুন্দৰী সত্ৰ আদি। বহুমুখী প্ৰতিভাৰ অধিকাৰী মহাপুৰুষ মাধৱদেৱ আছিল একেধাৰে কবি, নাট্যকাৰ, গীতিকাৰ, সুগায়ক, আৰু ধৰ্ম প্ৰচাৰক। বৰগীত, ভটিমা ভক্তি ৰত্নাৱলী, জন্ম ৰহস্য, দধিমথন, ভোজন-ব্যৱহাৰ (এই পুথিখনক ভোজন-বিহাৰ বুলিও কোৱা হয়, ভূমি লেটোৱা, চোৰধৰা আৰু পিম্পৰা গুচোৱা আদিকে ধৰি মহাপুৰুষ জনাৰ পুথি প্ৰণয়ন কৰিছিল। তেখেতৰ শ্ৰেষ্ঠ কৃতিখনৰ নাম হৈছে 'নাম-ঘোষা'।


শংকৰদেৱক লগ পোৱাৰ আগতে মাধৱদেৱ ঘোৰ শাক্ত ধৰ্মী লোক আছিল। এবাৰ মাকৰ অসুখ হোৱাত তেওঁ দেৱীৰ আগত দুটা ছাগলী বলি দিম বুলি প্ৰতিজ্ঞা কৰিলে যদিহে মাকৰ অসুখ ভাল হয়। তেওঁ যেতিয়া ছাগলী দুটা আনিবলৈ নিজৰ ভনীজোঁৱায়েক ৰামদাসক পাচিলে ভনীজোঁৱায়েকে তেওঁৰ কথা নুশুনি ক’লে যে বলি বিধান অপ্ৰয়োজনীয় প্ৰথা আৰু ইয়াৰ পৰা কোনেও সুফল নাপায়। তেওঁ আৰু ক'লে যে তেওঁ ইতিমধ্যে শংকৰদেৱক গুৰু মানি এক শৰণ হৰি নাম ধৰ্ম গ্ৰহণ কৰিছে আৰু মাধৱেও তাকে কৰিব লাগে। এই কথা শুনি মাধৱদেৱ ক্ৰোধিত হয় আৰু শঙ্কৰদেৱৰ ওচৰলৈ গৈ তেওঁৰ যুক্তি তৰ্ক আৰম্ভ কৰিলে। মাধৱে আগমৰ যুক্তি আগবঢ়ায় আৰু গুৰুজনাই নিগমৰ যুক্তিৰে খন্দন কৰে। এনেদৰে তিনি প্ৰহৰ তৰ্ক যুদ্ধ হ'ল। শেষত গুৰু জনাই শ্ৰীমদ্ভাগৱতৰ চতুৰ্থ স্কন্ধৰ "যথা তৰুৰ মূল -------" শ্লোকটিৰে মাধৱক পৰাস্ত কৰে। শ্লোকটিৰ অৰ্থ হ'ল গছৰ গুৰিত পানী দিলে দাল পাত সকলোৱে পায়। দাল পাতত দিলে কোনেও নাপায়। একেদৰে ভগৱন্ত কৃষ্ণদেৱক পূজিলে সকলোৰে পূজা হয়। আন দেৱ-দেৱীক পৃথকে পূজাৰ কোনো প্ৰয়োজন নাই। শ্ৰীমন্ত শঙ্কৰদেৱৰ যুক্তিৰ ওচৰত হাৰ মানি মাধৱে তাৰাক গুৰু ভজি তেওঁ প্ৰৱৰ্তন কৰা একশৰণ হৰি নাম ধৰ্মত শৰণ ললে। মাধৱ হৈ পৰিল গুৰুজনাৰ প্ৰপন্ন শিষ্য অভেদ আত্মা মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ। দুয়োজনা মহাপুৰুষৰ এই মহা মিলনক সাহিত্য ৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে "মণি-কাঞ্চণ সংযোগ" বুলি অভিহিত কৰি গৈছে !


এজন লেখক আৰু সাধু-কবি হিচাপে, মাধৱদেৱৰ তেওঁৰ গুৰুধৰ্মলৈ অৱদান অপৰিসীম। তেওঁ পবিত্ৰ নামঘোষা ৰ লেখক, যিটো শংকৰদেৱৰ কীৰ্তন ঘোষাৰ দৰেই এক মহান ৰচনা। নামঘোষা কাব্যক হাজাৰী ঘোষা (হাজাৰ দোলকৰ কিতাপ) বুলিও জনা যায়। এই কিতাপখনৰ ইংৰাজী সংস্কৰণটো ১৯৯৭ চনত চোৰোজ কুমাৰ দত্তৰ দ্বাৰা অনুবাদ কৰা দি ডিভাইন ভাৰ্চেছ হিচাপে উপশীৰ্ষক আছিল। তেওঁৰ আন এটা গুৰুত্বপূৰ্ণ ৰচনা হৈছে ভক্তি ৰত্নাৱলী। তেওঁ নখন ঝুমুৰাৰ (এক-অভিনয় নাটক) উপৰিও বহুতো বৰগীতৰ ৰচক। তেওঁৰ প্ৰথম সাহিত্যকৰ্ম হৈছে জন্ম ৰহস্য, যি পৃথিৱীৰ সৃষ্টি আৰু ধ্বংসৰ ওপৰত আধাৰিত। তেওঁৰ অন্যান্য অসামান্য অৱদানৰ ভিতৰত আছে নাম মালিকা আৰু বাল্মীকিৰ ৰামায়ণৰ আদি কান্দাৰ অসমী উপস্থাপন। তেওঁৰ গুৰু ভাট্টিমাই তেওঁৰ গুৰু শ্ৰীমন্ত শংকৰদেৱক প্ৰশংসাৰ দীঘলীয়া কবিতাটোও অতি জনপ্ৰিয়। তেওঁ ‘ধ্যান বৰ্ণনা’ শীৰ্ষক কীৰ্তন-ঘোষাৰ শংকৰদেৱে ৰচনা কৰা দুটা অধ্যায় হেৰুওৱাৰ ওপৰত এটা তৃতীয় অধ্যায়ও ৰচনা কৰিছিল।


ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য সংস্কৃতিৰো পূজাৰী এইজনা মহান গুৰুৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ’ল নামঘোষা। এহেজাৰটা ঘোষা থকা বাবে এইখনক হেজাৰী ঘোষা বুলিও কোৱা হয়। তেওঁ একাধিক বৰগীত, ভটিমা, নাট (ঝুমুৰা) আদি ৰচনা কৰিছিল। মাধৱদেৱে বাৰকুৰি (দুশ চল্লিশ) বৰগীত ৰচনা কৰিছিল বুলি প্ৰবাদ আছে যদিও বৰ্তমান সৰ্বমুঠ নকুৰি (এশ আশী) মান গীতহে উপলব্ধ। অৱশ্যে ইয়াৰ ভিতৰত কিছু সংখ্যক অংকীয়া নাটৰ গীতো সন্নিৱিস্ত হৈ আছে। তেওঁ সৰ্বমুঠ ১৫৭টা বৰগীত ৰচনা কৰে জীৱন কালত, তাৰ ভিতৰত এটি উল্লেখনীয় বৰগীত হ’ল – তেজৰে কমলাপতি। মাধৱদেৱৰ সাহিত্যকৃতি সমূহ হৈছে –


নাটক


অৰ্জুন ভাঞ্জন, চোৰধৰা, পিম্পাৰা গুচোৱা, ভূমি লেটোৱা, ভোজন বিহাৰ। অৰ্জুন ভাঞ্জনৰ বাহিৰে, তেওঁৰ অন্যান্য নাটকবোৰক ঝুমুৰা বুলি কোৱা হয়।


আখ্যানমূলক ৰচনা


ৰাজসূয় কাব্য, আদিকাণ্ড ৰামায়ণ (অনুবাদ)


তত্ত্বমূলক ৰচনা


জন্মৰহস্য, ভক্তি ৰত্নাৱলী, নামমালিকা


গীত

বৰগেট, ভটিমা।


মাধৱদেৱৰ শ্ৰেষ্ঠ ৰচনা হৈছে নামঘোষা। মাধৱদেৱৰ আধ্যাত্মিক জীৱনৰ পূৰ্ণ অভিব্যক্তি এই গ্ৰন্থত দেখা যায় । তেওঁৰ শাস্ত্ৰজ্ঞান বা পাণ্ডিত্য, কবিত্ব, ধাৰ্মিক মতবাদ, আধ্যাত্মিক আদৰ্শ আৰু ধৰ্মৰ ক্ষেত্ৰত লাভ কৰা অভিজ্ঞতাৰ ই পূৰ্ণ প্ৰকাশ । গুৰুৰ পৰা লাভ কৰা শিক্ষাশাস্ত্ৰৰ পৰা সংগ্ৰহ কৰা সিদ্ধান্ত আৰু নিক হৃদয়ৰ উপলদ্ধি হোৱা সত্যৰ স্বৰূপ এই গ্ৰন্থত প্ৰকাশিত হৈছে। ডক্তৰ বাণীকান্ত কাকতি দেৱৰ নাম ঘোষাকে মাধৱদেৱৰ মহা প্ৰাস্থানিক গীত বুলি আখ্যা দিছে। ডক্তৰ বাণীকান্ত কাকতিয়ে এই প্ৰসঙ্গত লিখিছে “ নামঘোষাত তিনিটা ভাৱৰ ধাৰা মিহলি হৈ বিশাল আনন্দ সাগৰৰ ফালে প্ৰৱাহমান হৈছে – পূণ্যশ্লোক শংকৰ স্মৃতি, মাধৱদেৱৰ আত্মলঘিমা আৰু কৃষ্ণভক্তি মাহাত্ম্য !


মহাপুৰুষ মাধৱদেৱৰ ১৫৯৬ চনত কোচবিহাৰৰ ভেলা সত্ৰত দেহাৱসান ঘটে !

Tags:

Post a Comment

0Comments

Post a Comment (0)