বৰগীত
১। চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়াঃ
(ক) “…..নেৰিবা বান্ধৱ মোক জীৱনে মৰণে।”
– কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে?
Ans: কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে হৰিক অৰ্থাৎ, ভগৱানক অনুৰোধ কৰিছে।
(খ) ‘সনক সনন্দ যোগী যাহাকু ধিয়ায়।’
– সনক, সনন্দ আদি যোগীসকলে কান ধ্যান কৰে বুলি কৈছে?
Ans: সনক, সনন্দ আদি যোগীসকলে ভগৱান শ্ৰীকৃষ্ণক ধ্যান কৰে বুলি কৈছে।
(গ) কবি কিহত আতুৰ হোৱা বুলি কৈছে?
Ans: কবি সাংসাৰিক দুখত আতুৰ হোৱা বুলি কৈছে।
(ঘ) বৰগীতটি কোনে ৰচনা কৰা?
Ans: বৰগীতটি শ্ৰীশ্ৰী মাধৱদেৱে ৰচনা কৰা।
(ঙ) বৰগীতটি কি ৰাগত বন্ধা আছে?
Ans: বৰগীতটি বসন্ত ৰাগত বন্ধা আছে।
(চ) কবিয়ে ‘বান্ধৱ’ বুলি কাক সম্বোধন কৰিছে?
Ans: কবিয়ে ‘বান্ধৱ’ বুলি হৰিক সম্বোধন কৰিছে।
(ছ) ‘মোহ-পাশ’ মানে কি?
Ans: ‘মোহ-পাশ’ মানে হৈছে মায়াৰ বান্ধোন।
২। বৰগীতটিৰ মূলভাৱ লিখা।
Ans:
শ্ৰী শ্ৰী মাধৱদেৱৰ ৰচিত ‘ৰাগ – বসন্ত’ত বন্ধ বৰগীতটি এটি ভক্তি ৰসাত্মক কবিতা। এই বৰগীতটিৰ জৰিয়তে কবি মাধৱদেৱে পৰমাৰ্থক বিষয়ক ভাৱ ব্যক্ত কৰিছে। কবিয়ে নিজকে অধম বুলি হৰিস্বৰূপ শ্ৰীকৃষ্ণক এই বিশ্বব্ৰক্ষাণ্ডৰ গৰাকী বুলি জ্ঞান কৰি তেওঁক শ্ৰীচৰণত শৰণ লৈছে। কবিৰ মতে এই সংসাৰখন মায়াময়। এই সংসাৰৰ মায়ামোহত আৱদ্ধ হৈ সকলোৱে ভগৱানৰ কথা পাহৰি যায়। তেওঁক স্মৰণ নকৰে। শ্ৰীকৃষ্ণৰ মহিমাৰ কথা বুজি নাপায়। তেঁৱেই যে আমাৰ মুক্তিৰ পথ মুকলি কৰি দিব পাৰে এই কথা মানুহে নুবুজে। তেওঁ শ্ৰীকৃষ্ণৰ চৰণ দুখনিক মহাধন বুলি কৈছে। ভকতসকলৰ বাবে শ্ৰীকৃষ্ণই হৈছে তেওঁলোকৰ জীৱন। ভগৱানে এই সকলোবোৰ ভূলভ্ৰান্তি ক্ষমা কৰি তেওঁলোকক নিজ চৰণত ঠাই দিয়ে। কৃপাৰ স্বৰূপ শ্ৰীকৃষ্ণই ভক্তসকলক দয়া নকৰিলে তেওঁলোকৰ মুক্তি সম্ভৱ নহয়। ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত অতিকৈ কাতৰ হৈ শৰণ লোৱাৰ বাহিৰে ভক্তৰ অন্য কোনো উপায় নাই।
৩। বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া।
Ans: বৰগীতটোৰ ৰচক হ'ল শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয়তম শিষ্য মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ। কবি মাধৱদেৱৰ জন্ম হৈছিল লক্ষীমপৰু জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত ১৪৮৯ চনত জন্ম হয়। তেওঁৰ পিতৃ গোবিন্দগিৰী ভূঞা আৰু মাতৃ নাম আছিল মনোৰমা।
বৰ্তমানৰ বাংলাদেশৰ ধাকাত ৰাজেন্দ্ৰ অধ্যাপকৰ টোলত গুৰুজনাই শিক্ষা গ্ৰহণ কৰিছিল। ১৫২২ চনত তেখেতে শ্ৰীমন্ত শংকৰদেৱক লগ পায় আৰু শংকৰদেৱে প্ৰৱৰ্তন কৰা বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰি ধৰ্মচৰ্চাত মনোনিবেশ কৰে।
কবি মাধৱদেৱৰ সাহিত্যিক কৰ্মৰাজি তলত দিয়া ভাগসমূহত ভগাব পাৰিー
a) আখ্যানমূলক ৰচনাঃ- ৰাজসূয় কাব্য, আদিকাণ্ড ৰামায়ণ।
b) তত্ত্বমূলক ৰচনাঃ- জন্মৰহস্য, ভক্তি-ৰত্নাৱলী, নামমালিকা।
c) নাটঃ- অৰ্জুন-ভঞ্জন বা দধিমথন।
d) ঝুমুৰাঃ- চোৰধৰা, পিম্পৰা-গুচোৱা, ভূমি-লেটোৱা, ভোজনবিহাৰ।
নামঘোষা হ'ল কবি মাধৱদেৱৰ সাহ্যিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ। ইয়াত এহেজাৰ ঘোষা থকা বাবে এইখনক হেজাৰী ঘোষাও বোলা হয়। মাধৱদেৱৰ বৰগীতৰ সংখ্যা হ'ল ১৫৭ টা। মাধৱদেৱে বৰগীতটো ৰচনা কৰিচে।
বৰ্ণনাৰ সজীৱতা, ভাষাৰ মাধুৰ্য, কবিপ্ৰাণৰ উচ্ছ্বাস আদি সাৰ্থকৰূপত প্ৰকাশ পাইছে বাবেই সংখ্যাত কম হলেও তেওঁৰ সাহিত্যকৰ্মই শংকৰদেৱৰ পিছতেই তেওঁৰ স্থান নিৰ্ণয় কৰিছে। অৰ্থাৎ অসমীয়া সাহিত্য জালিকাট পুষ্প হাৰৰ দৰে তেওঁৰ নাম চিৰস্মৰণীয়। এইগৰাকী মহান সাহিত্যিকৰ ১০৭ বছৰ বয়সত ১৫৯৬ খ্ৰাষ্টাব্দত কোচবিহাৰৰ ভোলা সত্ৰত দেহাৱসান ঘটে।
OR
নৱ বৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক শ্ৰী শ্ৰীমাধৱদেৱৰ লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত ১৪৮৯ চনত জন্ম হয়। তেওঁৰ পিতৃ নাম গোবিন্দগিৰী ভূঞা আৰু মাতৃৰ নাম মনোৰমা। শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱে গুৰুৰ পদাংককে অনুসৰণ কৰি বাৰাদি, গণককুছি, সুন্দৰীদিয়া, ভেলাডাংগা আদিত ধৰ্ম প্ৰচাৰ কৰিছিল। ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য – সংস্কৃতিৰো পূজাৰী এইজনা মহান গুৰুৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হল ‘নামঘোষা’। এহেজাৰটা ঘোষা থকা বাবে এইখনক হেজাৰী ঘোষা বুলিও কোৱা হয়। শংকৰদেৱে ‘বাৰকুৰি গীত’ ৰচিছিল যদিও ‘একুৰি চৈধ্যটা’ হে পোৱা গৈছিল। মাধৱদেৱৰ ভণিতা থকা মুঠ ১৫৭ টা বৰগীত পোৱা গৈছিল। মাধৱদেৱে ৰচনা কৰা মুঠ বৰগীতৰ সংখ্যা ১৯১ টা বা ন-কুৰি এঘাৰটা বুলি পণ্ডিতসকলে অনুমান কৰিছে। তেওঁ মৃত্যু হৈছিল ১৫৬৮ চনত।
৪। ব্যাখ্যা কৰাঃ
(ক) সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা।
অধমে জানিবো কেনে তোমাৰ মহিমা।
Ans: প্ৰসংগঃ উক্ত কবিটাফাকি আমাৰ পাঠ্যপুঠিৰ অন্তগৰ্ত শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত ‘বৰগীত’ নামৰ পাঠটিৰ পৰা উদ্ধত কৰা হৈছে।
সংগতিঃ উক্ত কবিতাফাকি হৰিৰ মহিমা বৰ্ণনা কৰিবলৈ গৈ কবি মাধৱদেৱে কবিতাফাকি বৰ্ণনা কৰিছে।
ব্যাখ্যাঃ ভগৱান হ'ল সমগ্ৰ জগতৰ সৃষ্টিকৰ্তা। তেওঁৰ দ্বাৰাই সমগ্ৰ জগত প্ৰতিপালিত হৈ আছে। ভগৱানৰ মহিমা অপাৰ। সনক সনন্দ যোগী সকলেও বহু বছৰ ধ্যান কৰি তেওঁক বিচাৰি পোৱা নাই। মানুহে বিষয় বাসনাত আতুৰ হৈ ঈশ্বৰক স্মৰণ কৰিবলৈ পাহৰি যায়। কিন্ত ইয়াৰ পৰা পৰিত্ৰাণৰ একমাত্ৰ উপায় হ'ল ঈশ্বৰৰ চৰণত শৰণাপন্ন হোৱা। কিয়নো হৰিৰ চৰণ যুগল হ'ল সকলোৰে মহাধন। শ্ৰীহৰি হ'ল ভকতৰ জীৱনস্বৰূপ। সেয়েহে মুক্তিৰ বাবে শ্ৰীহৰিৰ ওচৰত কাতৰ হৈ শৰণ লোৱাৰ বাহিৰে আন উপায় নাই। সেয়ে এইজনা পৰম পুৰুষ হৰিৰ ওচৰত নিজকে দাসৰো দাস হিচাপে, তুষ্য ভাৱে ঈশ্বৰৰ চৰণত সমৰ্পণ কৰিবলৈ কবিয়ে উপদেশ দিছে।
(খ) আতুৰ ভৈলোহি হৰি বিষয় বিকলে ।
কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে ।
Ans: প্ৰসংগঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত ‘বৰগীত’ নামৰ পাঠটিৰ পৰা উদ্ধত কৰা হৈছে।
সংগতিঃ উক্ত কবিতাফাঁকিৰ জৰিয়তে কবিয়ে সাংসাৰিক বিষয় – বাসনাৰ পৰা উদ্ধাৰ পাবলৈ শ্ৰীকৃষ্ণক কাতৰভাৱে অনুৰোধ কৰিছে।
ব্যাখ্যাঃ কবিৰ মতে এই সংসাৰখন মায়াজালেৰে ভৰা। এই সংসাৰৰ মায়ামোহত আৱদ্ধ হৈ সকলোৱে ভগৱানৰ কথা পাহৰি যায়। তেওঁক স্মৰণ নকৰে। শ্ৰীকৃষ্ণৰ মহিমাৰ কথা বুজি নাপায়। আমাৰ মুক্তিৰ পথ মুকলি কৰি দিব পাৰে এই কথা পৰা সম্পূৰ্ণ অজ্ঞাত। কবিয়ে এই কথা বুজিব পাৰি ভগৱান শ্ৰীকৃষ্ণৰ চৰণ কমলত হাতযোৰ কৰি প্ৰাৰ্থনা কৰিছে যে হে প্ৰভু, দয়া কৰি আমাক এই মায়া-মোহৰ পৰা প্ৰৰিত্ৰাণ দিয়া। আমাক উদ্ধাৰ কৰা, মুক্তি দিয়া।
(গ) তোমাৰ চৰণ দুই মোৰ মহা ধন।
ভকত জনেৰ নিজ তুমিসে জীৱন।
Ans: প্ৰসংগঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীতটিৰ পৰা তুলি দিয়া হৈছে।
সংগতিঃ ভকতৰ বাবে ভগৱানৰ দুই চৰণেই মহা ধন আৰু ভগৱানেই নিজ ভকতৰ বাবে জীৱনস্বৰূপ বুলি মহাপুৰুষজনাই পদফাঁকি অৱতাৰণা কৰিছে।
ব্যাখ্যাঃ ভগৱানৰ একান্ত ভক্ত মহাপুৰুষ মাধৱদেৱে ভগৱানে ভকতৰ সৰ্বস্ব বুলি গ্ৰহণ কৰিছে। মহাপুৰুষজনাই উপলদ্ধি কৰিছে যে, সংসাৰৰ মায়ামোহৰ বন্ধনৰ পৰা মুক্তি পাবলৈ, সাংসাৰিক দুখ – যন্ত্ৰণাৰ পৰা উদ্ধাৰ পাবলৈ হলে ভগৱানৰ কৃপা লাভ কৰিব লাগিব। তেওঁ ভগৱানৰ দুই চৰণক জীৱনৰ শ্ৰেষ্ঠ সম্পদ বুলি গ্ৰহণ কৰিছে। ঈশ্বৰেই তেওঁৰ ভকতসকলৰ বাবে জীৱনস্বৰূপ।
৫। 'সনক সনন্দ যোগী যাহাকু ধিয়ায় ।
সকল নিগমে যাক বিচাৰি নাপাই ।'
一 তাপৰ্য বিচাৰ কৰা ।
Ans: আগম আৰু নিগম আদি শাস্ত্ৰত ভগৱানৰ বিভিন্ন মহিমাৰ বিষয়ে বৰ্ণনা কৰা হৈছে। কিন্তু এই শাস্ত্ৰত দাঙি ধৰা বৰ্ণনাসমূহ অধ্য়য়ন কৰিয়েই ভগৱানৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰাটো সম্ভৱ নহয়। ভগৱানৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰিবলৈ হ'লে একান্তমনে ভগৱানক ভক্তি কৰাৰ প্ৰয়োজন। সেয়ে সনক, সনন্দৰ দৰে যোগীসকলেও ভগৱানৰ স্বৰূপ উপলব্ধিৰ বাবে একান্ত মনে ভগৱানক ধ্য়ান কৰে। অৰ্থাৎ, কবিয়ে কৈছে যে ভগৱানৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰিবলৈ হ'লে গভীৰ তপ-জপ কৰাতকৈ বা শাস্ত্ৰ আদিৰ অধ্য়য়নত নিমগ্ন হোৱাতকৈ শুদ্ধচিত্তে ভক্তিভাৱে একান্ত মনে ভগৱানক প্ৰাৰ্থনা কৰাৰহে প্ৰয়োজন।
৬) বৰগীতৰ চাৰিটা লক্ষণ বিষয়ে লিখা?
Ans: বৰগীতৰ চাৰিটা লক্ষণ হ'ল 一
ক) বৰগীতসমূহ হ'ল শাস্ত্ৰীয় ৰাগ–তালযুক্ত গীত।
খ) বৰগীতসমূহৰ ৰচনাশৈলী ব্ৰজাৱলী ভাষাৰ।
গ) বৰগীত সমূহ চৈধ্য প্ৰসংগৰ অন্তগৰ্ত।
ঘ) বৰগীত সমূহ হ'ল ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক গীত।
ভাষা-বিষয়কঃ
১। তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখাঃ
নপাৱন্ত, কেনে, ভৈলোহো, তুমিসে, জনেৰ, কহয়।
Ans:
শব্দ — আধুনিক শব্দ
নপাৱন্ত – নাপায়।
কেনে – কিদৰে, কেনেকৈ।
ভৈলোহো – হলোঁ।
তুমিসে – তুমিয়েই, তুমিহে।
জনেৰ – সকলৰ, জনৰ।
কহয় – কয়।
2) ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্য়সমূহ উল্লখ কৰা।
Ans: ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ তলত কৰা হ'ল 一
ক) ব্ৰজাৱলী ভাষাৰ মূল ভেটি হ'ল মৈথিলী ভাষা।
খ) পশ্চিমা হিন্দীৰ অপভ্ৰংশ ব্ৰজভাষাৰ লগত এই ভাষাৰ কোনো সম্পৰ্ক নাই।
গ) ব্ৰজাৱলী হ'ল মধ্যযুগীয় বৈষ্ণৱ কবি সকলে ব্যৱহাৰ কৰা এক কৃত্ৰিম সাহিত্যিক ভাষা।
ঘ) ব্ৰজাৱলী ভাষাটো শক্তিশালী হোৱাৰ উপৰি প্ৰচুৰ স্বৰধ্বনি প্ৰয়োগ হোৱাৰ বাবে ই অতি শ্ৰুতিমধুৰ হৈ পৰিছে।
ঙ) এই ভাষাই উৰিষ্যা, বংগ আৰু অসমত থলুৱা ভাষাৰ মিশ্ৰণেৰে কিছু সুকীয়া স্থান গ্ৰহণ কৰিছে।
Get all the important Class 10 questions, pre-final question discussions, and common questions by subscribing to the channel below:
Find the best content to help you prepare for your exams!