শ্ৰীমন্ত শংকৰদেৱ
জন্ম一
১৪৪৯ খ্ৰীষ্টাব্দত নগাঁৱৰ বৰদোৱাৰ আলিপুখুৰীত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম কুসুম্বৰ ভূঞা আৰু মাতৃৰ নাম সত্যসন্ধা !
শিক্ষা一
শংকৰদেৱ সৰুতে মাক-দেউতাক বিয়োগ হোৱাত বুঢ়ীমাক খেৰসুতীয়ে তেওঁক লালন-পালন কৰি তুলি-তালি ডাঙৰ-দীঘল কৰে। খেৰসুতীৰ যত্নতেই মহেন্দ্ৰ কন্দলীৰ টোলত শংকৰদেৱে পঢ়িছিল। কথিত আছে যে বাৰ বছৰ বয়সতে তেওঁ গুৰুক কবিতা লিখি দেখুওৱাইছিল। তেতিয়াই তেওঁ স্বৰবৰ্ণৰ চিহ্ন ব্যৱহাৰ নকৰাকৈ এটি কবিতা লিখিছিল "কৰতলৰ কমল কমল দল নয়ন"...। তেওঁ সংস্কৃত শাস্ত্ৰত গভীৰ জ্ঞান লাভ কৰিছিল।
কৰ্মজীৱন一
শংকৰদেৱ আছিল একাধাৰে সাহিত্যিক,সমাজ-সংগঠক আৰু ধৰ্ম-প্ৰচাৰক। সেই সময়তে গোটেই অসমজুৰি ধৰ্মৰ নামত নানা অনাচাৰ-ব্য ভিচাৰবোৰ দূৰ কৰিবৰ বাবে একশৰণ নাম ধৰ্মৰ প্ৰচাৰ কৰিছিল। তেওঁ উজনিত বেলগুৰি সত্ৰ, নামনিত বৰপেটা সত্ৰ আৰু কোচবিহাৰতো সত্ৰ পাতে। শংকৰদেৱে নীতিবাক্য প্ৰচাৰ কৰাৰ উপৰিও সংস্কৃত নাটৰ আৰ্হিত অসমীয়া অনুষ্ঠানবোৰৰ উপাদানেৰে অঙ্কীয়া নাট ৰচনা কৰিলে। কীৰ্ত্তন-ঘোষা, বৰগীত, দৰ্শন, ভাগৱত আদি তেওঁ ৰচনা কৰিছিল।তেওঁ অসমীয়া জাতিৰ সংগঠক, সংস্কাৰক। ধৰ্মৰ লগতে সাহিত্য়-সংস্কৃতিৰ প্ৰচাৰৰ অৰ্থেও সংস্কৃত গ্ৰন্থ অধ্য়য়ন কৰি তাৰ পৰা তত্ত্বকথা আয়ত্ত কৰি গীত, পদ, নাট, উপাখ্য়ান আদি ৰচনা কৰিছিল। এইদৰেই তেওঁ অসমীয়া সাহিত্য়ৰ ভঁৰাল চহকী কৰি থৈ যায়।
শঙ্কৰদেৱৰ একৈছ বছৰ বয়সত তেওঁ নিজ কান্ধত থকা শিৰোমণি ভূঞাৰ দায়িত্বভাৰ ককাক জয়ন্ত দলৈ আৰু মাধৱ দলৈক অৰ্পণ কৰিবলৈ ইচ্ছা কৰি নিজে একান্তভাৱে শাস্ত্ৰচৰ্চাত নিয়োজিত হ'বলৈ মন মেলিলে। পৰকালৰ বাবে শাস্ত্ৰজ্ঞান আহৰণ কৰি ধৰ্ম কৰাৰ প্ৰয়োজনীয়তাৰ কথা তেওঁ ককাকৰ আগত ব্যক্ত কৰিলে। অন্যথা সংসাৰৰ অৰ্থ নাই। ইয়াতে নাতিয়েকৰ সংসাৰৰ প্ৰতি বিৰাগ জন্মা বুলি চিন্তিত হৈ দুই পিতামহে চাই-চিতি হৰিবৰগিৰি নামৰ এজন ভূঞাৰ ১৪ বছৰীয়া সূৰ্যৱতী নামৰ কন্যাৰ লগত ২১ বছৰীয়া শঙ্কৰদেৱৰ বিয়া পাতি দিয়ে। সেয়া আছিল ১৩৯২ শক। বিবাহৰ তিনি বছৰ পাছত ভাৰ্যা সূৰ্যৱতীৰ গৰ্ভত শঙ্কৰদেৱৰ এটি কন্যা সন্তানৰ জন্ম হয়। কন্যাটিৰ নাম থলে 'মনু'। দুৰ্ভাগ্যবশতঃ মনুৰ বয়স ন মাহ হওঁতেই সূৰ্যৱতীৰ অকাল বিয়োগ ঘটে। তাৰপিছত তেওঁ সংসাৰৰ প্ৰতি বিৰাগ জন্মাত বাৰজন সংগীৰে সৈতে পশ্চিম দিশলৈ তীৰ্থ ভ্ৰমণলৈ যায়। সংগীসকল আছিল, ৰামৰাই, সৰ্ব্বজই, পৰ্মানন্দ, বলোৰাম, বলোভদ্ৰ, গোবিন্দ, নাৰায়ণ, বৰচিৰাম, গোপাল, চোট বলোৰাম, মুকুন্দ আৰু মুৰাৰি।
দ্বিতীয় বিবাহ
তীৰ্থভ্ৰমণৰ পৰা উভতি অহাৰ পাছত ককাক জয়ন্ত আৰু মাধবৰ পৰামৰ্শমতে পিছত দুকুৰি চৈধ্য বছৰ বয়সত সকলোৰে মতৰ সাপেক্ষে শঙ্কৰদেৱে কালিকা ভূঞাৰ কন্যা কালিন্দীক পুনৰ বিবাহ কৰে। ডফলাৰ উৎপাতত থাকিব নোৱাৰি কোমোৰাকটাত আৰু পিছত মলৱাৰ আটিত সপত্নীক শংকৰদেৱে থাকোঁতে বৰপুত্ৰ ৰামানন্দৰ জন্ম হয়৷ পুত্ৰৰ জন্মৰ বাতৰি শুনি শংকৰদেৱ “পাৱে পৰিহৰি কৰোঁহো কাতৰি’’ আৰু “গোপাল কি গতি কৈলে’’ শীৰ্ষক গীত ৰচনা কৰিছিল৷ শংকৰদেৱ আৰু কালিন্দী আইৰ আন তিনিটা সন্তান ক্ৰমে কমললোচন, হৰিচৰণ আৰু হৰিপ্ৰিয়া বা ৰুক্মিণী আপি৷
তেওঁ অকল ধৰ্মগুৰুৱেই নহয়। অসমীয়া সাহিত্য়ৰ এগৰাকী যুগস্ৰষ্টা কবি তথা সাহিত্য়িক। তেওঁ অসমীয়া জাতিৰ সংগঠক,সংস্কাৰক। শংকৰদেৱৰ সাহিত্য়িক জীৱনৰ কীৰ্তিস্তম্ভ আছিল ❛কীৰ্ত্তন-ঘোষা❜ ইয়াৰ উপৰি ভাগৱতৰ কেইবাটাও স্কন্ধ, 'উত্তৰাখণ্ড ৰামায়ণ' তেওঁৰ অসমীয়ালৈ অনুবাদ কৰে।' ৰুক্মিণীহৰণ', 'হৰিচন্দ্ৰ উপাখ্য়ান' আদি কাব্য় ৰচনা কৰাৰ লগতে বৰগীতো ৰচনা কৰিছিল। 'ৰুক্মিণীহৰণ', 'পাৰিজাতহৰণ', 'কেলিগোপাল', 'কালিদমন', 'ৰামবিজয়' আদি অঙ্কীয়া নাট ৰচনা কৰিছিল। 'ভক্তিৰত্নাকৰ' শংকৰদেৱৰ এখন শ্ৰেষ্ঠ তত্ত্বমূলক গ্ৰন্থ। সংলাপবিহীন নাট 'চিহ্নযাত্ৰা' ৰে শংকৰদেৱে অসমীয়া নাট্য বুৰঞ্জীৰ পাতনি মেলিছিল।
সেই সময়ত সকলো শাস্ত্ৰই সংস্কৃত ভাষাত থকাৰ কাৰণে সাধাৰণ মানুহে তাক পঢ়ি জ্ঞান অৰ্জন কৰিব নোৱাৰিছিল। সেই অসুবিধা দুৰ কৰি সৰ্বসাধাৰণে বুজিব পৰাকৈ তেওঁ বহু সংস্কৃত গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰাৰ লগতে তাৰ সাৰ সংগ্ৰহ কৰিও বহু অসমীয়া গ্ৰন্থ ৰচনা কৰে[8]। জনসাধাৰণক জ্ঞান আৰু আনন্দ প্ৰদানৰ চলেৰে ধৰ্ম প্ৰচাৰ কৰা,আছিল তেওঁৰ ৰচনাৰ মূল অৰ্থ। সেইবাবে তেওঁ সাধাৰণ অসমীয়া ভাষাত গীত, পদ, নাট, ৰচনা নকৰি 'ব্ৰজাৱলী' নামৰ ভাষাত ৰচনা কৰিছিল। কাৰণ এই ভাষাই সাধাৰণ মানুহৰ মাজত কৃষ্ণভক্তিৰ প্ৰতি মন কৃষ্ট কৰাত সহায় কৰিছিল। শ্ৰীশ্ৰী শঙ্কৰদেৱৰ গ্ৰন্থসমূহক কেইবা ভাগত ভগাব পাৰি, যেনে :
শঙ্কৰ-মাধৱৰ মিলন:
১৪৪৪ শকৰ (১৫২২ খ্ৰীষ্টাব্দ) সময়খিনি সমগ্ৰ অসমৰ বাবে আৰু সমগ্ৰ ভক্তি আন্দোলনৰ বাবে অতি স্মৰণীয় আৰু গুৰুত্বপুৰ্ণ আছিল। কাৰণ শঙ্কৰদেৱ বেলগুৰিত থাকোঁতেই অসমৰ আন এজন মহাপুৰুষ মাধৱদেৱে প্ৰথম শঙ্কৰদেৱক লগ পায়। মাধৱদেৱ আছিল শাক্ত ধৰ্মী। পূজা-পাতল বলি বিধান আদি মানি চলিছিল তেওঁ। কিছুদিন পুৰ্বেই পিতৃ বিয়োগৰ শোক পাহৰিব নোৱাৰোতেই মাতৃৰ টান নৰিয়া হোৱাৰ খবৰ পোৱাত মাধৱদেৱে মাক আৰু পৰিয়ালৰ আশু আৰোগ্য কামনা কৰি আগন্তুক দুৰ্গা পূজাত গোসাঁনীলৈ বুলি এযোৰ বগা পঠা ছাগলী মনতে আগবঢ়ায়। যথা সময়ত বলি দিবৰ নিমিত্তে বৈনায়েক ৰামদাসক ছাগলী আনিবলৈ পঠালে। কিন্তু ৰামদাসে ইতিমধ্যেই শঙ্কৰদেৱৰ ওচৰত শৰণ লৈছিল। সেয়ে তেওঁ মাধৱক দেৱীৰ আগত জন্তু বলি দিয়া কাৰ্য ধৰ্মমতৰ পৰিপন্থী বুলি বুজালে। তাকে শুনি মাধৱৰ খং উঠিল আৰু দুয়োৰে মাজত বিতৰ্ক আৰম্ভ হ'ল আৰু এই বিতৰ্কৰ সমাধানকল্পে দুয়ো শঙ্কৰদেৱৰ ওচৰলৈ গ'ল। যথাসময়ত শঙ্কৰদেৱৰ লগত মাধৱৰ তৰ্কযুদ্ধ আৰম্ভ হ'ল। গুৰুজানে নিবৃত্তি, ভক্তি মাৰ্গ আৰু প্ৰবৃত্তি মাৰ্গৰ প্ৰমাণ দি তৰ্ক কৰিবলৈ ধৰিলে। কাৰো হাৰ-জিত নাই। সুদীৰ্ঘ ন-ঘণ্টা ধৰি দুয়োৰে মাজত যুক্তি-তৰ্ক চলাৰ পাছত শঙ্কৰদেৱে ভাগৱতৰ চতুৰ্থ স্কন্ধৰ পৰা এটি শ্লোক উল্লেখ কৰি নিবৃত্তি পথ আৰু ভক্তিমাৰ্গৰ শ্ৰেষ্ঠতা প্ৰমাণ কৰিলে আৰু বিতৰ্কৰ অন্ত পেলালে।
একেজন ঈশ্বৰ কৃষ্ণক পৰম আৰাধ্য দেৱতা বুলি গ্ৰহণ কৰি সেইদিনাৰ পৰা শাক্তপন্থী মহাতান্ত্ৰিক মাধৱ হ'ল বৈষ্ণৱসকলৰ শিৰোমণি মহাপুৰুষ শ্ৰীমাধৱদেৱ। মাধৱদেৱে শঙ্কৰদেৱৰ ওচৰত শৰণ ল'লে। 'শঙ্কৰ-মাধৱ' এই গুৰু-শিষ্যৰ সম্পৰ্ক হৈ পৰিল অভিন্ন আৰু তুলনাবিহীন। শঙ্কৰ-মাধৱৰ এই মহামিলনক মণি-কাঞ্চণ সংযোগ বোলা হয়।
সামৰণি :
মুঠতে গুৰুজনাই কুৰি বছৰীয়া মানৱী-লীলাৰ কালছােৱাত অসমীয়া সমাজখন আটক ধুনীয়াকৈ সজাই-পৰাই, বৈষ্ণৱ ধৰ্মৰ মহিমাৰে পৱিত্ৰ কৰি, ভাষা-সাহিত্য, সংস্কৃতিৰ বৰঘৰ শুৱনি কৰি, অসমীয়াৰ কণ্ঠত গৌৰৱৰ, গৰিমাৰমহিমাৰ জয়মাল্য পিন্ধাই থৈ গ’ল। একেজন পুৰুষেই ধর্ম, ভাষা, সাহিত্য-সংস্কৃতি আৰু সমাজবাদ প্রতিষ্ঠাত ইমানবােৰ অৱদান, অৰিহণা দি যাবলৈ সক্ষম হােৱা মহাপুৰুষ ভাৰত কিয়, পৃথিৱীৰ বুৰঞ্জীতে শ্ৰীমন্ত শংকৰদেৱৰ বাদে দ্বিতীয় এজন অৱতাৰ হােৱা নাই। তেওঁ মানৱলীলা সম্বৰণ কৰােতেও এপাহ পদুম ফুলৰ ৰূপতহে অৱশিষ্ট ৰাখি থৈ গৈছিল।।